গৱেষকৰ মত: কৰ’নাত আগন্তুক সপ্তাহবোৰত ভাৰতত দুগুণ মানুহৰ মৃত্যু হ’ব

0
1298

বৰ্তমানৰ গতি যদি অব্যাহত থাকে তেন্তে ১১ জুনৰ ভিতৰত প্ৰায় ৪ লাখ ৪ হাজাৰ লোকৰ মৃত্যু হ’ব৷

বিশ্ব স্বাস্থ্য সংগঠন চমুকৈ ডব্লিউ এইচ অ’-এ কয় যে যোৱা সপ্তাহত সমগ্ৰ বিশ্বত নতুনকৈ কভিড-১৯ৰ সংক্ৰমণ হোৱা লোকসকলৰ ভিতৰত ৪৬ শতাংশ ভাৰতৰ আৰু মৃত্যু হোৱা প্ৰতি চাৰিজন লোকৰ ভিতৰত এজন ভাৰতৰ৷ সাপ্তাহিক প্ৰতিবেদনত ডব্লিউ এইচ অ’ই কয় যে যোৱা সপ্তাহত সমগ্ৰ বিশ্বত নতুনকৈ ৫৭ লাখ লোকৰ কভিড-১৯ৰ সংক্ৰমণ হয় আৰু ৯৩ হাজাৰৰো অধিক লোকৰ মৃত্যু হয়৷ যোৱা সপ্তাহত ভাৰতত নতুনকৈ সংক্ৰমণ হয় প্ৰায় ২৬ লাখ লোকৰ আৰু মৃত্যু হয় ২৩,২৩১জনৰ৷ আগৰটো সপ্তাহৰ সংক্ৰমণতকৈ যোৱা সপ্তাহৰ সংক্ৰমণ ২০ শতাংশ বেছি আছিল৷ বিশ্বৰ জনসংখ্যাৰ প্ৰায় ১৮ শতাংশ আছে ভাৰতত৷ ডব্লিউ এইচ অ’ই কয় যে ভাৰতৰ পৰা কভিড-১৯ৰ সংক্ৰমণ চুবুৰীয়া দেশ নেপাল, শ্ৰীলংকা আদিলৈও বিয়পিছে৷ আন এটা বাতৰি মতে, বিশ্বৰ বৃহত্তম স্বাস্থ্য সংকটত পৰিণত কৰা ভাৰতৰ কৰ’না ভাইৰাছৰ দ্বিতীয়টো ঢৌ আগন্তুক সপ্তাহবোৰত অধিক শোচনীয় হৈ পৰাৰ আশংকা আছে৷ কিছুমান ৰিছাৰ্চ মডেলে প্ৰক্ষেপ কৰিছে যে মৃত্যু হোৱা লোকৰ সংখ্যা বৰ্তমানতকৈ দুগুণ হ’বগৈ পাৰে৷ বেংগালুৰুৰ ইণ্ডিয়ান ইন্‌ষ্টিটিউট অব্‌ ছায়েন্সে এটা গাণিতিক আৰ্হি ব্যৱহাৰ কৰি ভৱিষ্যদ্বাণী কৰিছে যে বৰ্তমানৰ গতি যদি অব্যাহত থাকে তেন্তে ১১ জুনৰ ভিতৰত প্ৰায় ৪ লাখ ৪ হাজাৰ লোকৰ মৃত্যু হ’ব৷ ইউনিভাৰ্ছিটি অব্‌ ৱাশ্বিংটনৰ ইন্‌ষ্টিটিউট ফৰ হেল্‌থ মেট্ৰিক্‌ছ এণ্ড ইভালুৱেশ্যনৰ মতে, জুলাইৰ শেষলৈ ভাৰতত মৃত্যু হ’ব ১০ লাখ ১৮ হাজাৰ ৮৭৯জন লোকৰ৷ কৰ’না ভাইৰাছৰ সংক্ৰমণৰ বিষয়ে ভৱিষ্যদ্বাণী কৰাটো কঠিন যদিও ভাৰতৰ দৰে এখন বিশাল দেশত টেষ্টিং আৰু সামাজিক দূৰত্ব ৰক্ষাৰ নীতি মানি চলাৰ দৰে ব্যৱস্থাসমূহৰ জৰুৰী প্ৰয়োজন বুলি গৱেষকসকলে মত প্ৰকাশ কৰিছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here