গৱেষকৰ প্ৰচেষ্টা : মতা মহক বন্ধ্যা কৰি ৰুধিব মেলেৰিয়া

0
479
সমগ্ৰ বিশ্বতে এই সময়ছোৱাত মেলেৰিয়াত আক্ৰান্ত হৈ অসংখ্য লোকৰ মৃত্যু হয়৷ বাৰিষা কালছোৱাত মহৰ বংশবৃদ্ধি অধিক হয় আৰু মেলেৰিয়া, ডেংগু আদি মহৰ দ্বাৰা বিয়পা ৰোগৰো প্ৰাদুৰ্ভাৱ যথেষ্ট বৃদ্ধি পায়৷ শেহতীয়াকৈ মেলেৰিয়া ৰোগৰ প্ৰকোপ হ্ৰাস কৰিবলৈ বিজ্ঞানী আৰু গৱেষকৰ দলে প্ৰচেষ্টা চলোৱা দেখা গৈছে৷ Imperial College London আৰু Liverpool School of Tropical Medicine-ৰ গৱেষকসকলে মতা মহৰ দিনৰ সংশোধনী মহৰ বন্ধ্যাকৰণ কৰি মেলেৰিয়া নিৰ্মূল কৰাৰ ফৰ্মূলা উদ্ভাৱন কৰিছে৷ ইয়াৰ বাবে গৱেষকসকলে এন’ফিলিছ গেম্বি প্ৰজাতিৰ মহক গৱেষণাৰ বাবে লোৱা হৈছে৷ ক্ৰিস্পাৰ নামৰ জিন সংশোধনী কৌশল ব্যৱহাৰ কৰি গৱেষকসকলে মতা মহৰ প্ৰজনন ক্ষমতা হ্ৰাস কৰি বংশবৃদ্ধি ৰোধ কৰিবলৈ সক্ষম হৈছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here