গৱেষকৰ দাবী : মাল্টিভিটামিন, ওমেগা ৩, প্ৰ’বায়’টিক্‌ছে কভিডৰ সংক্ৰমণৰ বিপদ কমাব পাৰে

0
1235

‘বি এম জে নিউট্ৰিশ্যন প্ৰিভেনশ্যন এণ্ড হেল্‌থ’ নামৰ আলোচনীখনত প্ৰকাশিত গৱেষণাটোত কোৱা হৈছে যে পৰীক্ষা কৰি প্ৰমাণ পোৱা গৈছে যে ভিটামিন-চি, জিংক বা গাৰ্লিক ছাপ্লিমেণ্টছ্‌বোৰে কৰ’না ভাইৰাছ পজিটিভৰ বিপদ কম নকৰে৷

কৰ’না ভাইৰাছক লৈ নানা জল্পনা-কল্পনা চলি আছে৷ অলপতে এটা অধ্যয়নত কোৱা হৈছে যে মাল্টিভিটামিন, ওমেগা ৩, প্ৰ’বায়’টিক্‌ছ বা ভিটামিন ডি ছাপ্লিমেণ্টে কভিড-১৯ ৰ সংক্ৰমণৰ বিপদ হ্ৰাস কৰিব পাৰে৷ ‘বি এম জে নিউট্ৰিশ্যন প্ৰিভেনশ্যন এণ্ড হেল্‌থ’ নামৰ আলোচনীখনত প্ৰকাশিত গৱেষণাটোত কোৱা হৈছে যে পৰীক্ষা কৰি প্ৰমাণ পোৱা গৈছে যে ভিটামিন-চি, জিংক বা গাৰ্লিক ছাপ্লিমেণ্টছ্‌বোৰে কৰ’না ভাইৰাছ পজিটিভৰ বিপদ কম নকৰে৷ লণ্ডনৰ কিংছ কলেজৰ গৱেষকসকলকে ধৰি অন্যান্য প্ৰতিষ্ঠানৰ গৱেষকসকলে কভিড-১৯ ছিম্‌টম্‌ ষ্টাডি নামৰ এপ্‌টো ব্যৱহাৰ কৰা প্ৰাপ্তবয়স্ক লোকসকলক লৈ অধ্যয়নটো চলাইছিল৷ নিয়মীয়াকৈ ছাপ্লিমেণ্ট ব্যৱহাৰ কৰাসকলৰ কভিড-১৯ৰ সংক্ৰমণৰ সম্ভাৱনা কম নেকি? সেইটো চাবলৈ অধ্যয়নটো চলোৱা হৈছিল৷ ২০২০ চনৰ মাৰ্চত ইউ কে, আমেৰিকা আৰু ছুইডেনত এই এপ্‌টো আৰম্ভ কৰা হৈছিল৷ এপ্‌টো ব্যৱহাৰ কৰা ইউ কেৰ ৩ লাখ ৭২ হাজাৰ ৭২০জন, আমেৰিকাৰ ৪৫,৭৫৭জন আৰু ছুইডেনৰ ২৭,৩৭৩জন লোকে যোগান ধৰা তথ্য বিশ্লেষণ কৰি গৱেষকসকল উল্লিখিত সিদ্ধান্তবোৰত উপনীত হয়৷ এপ্‌টো ব্যৱহাৰ কৰাসকলে যোৱা বছৰৰ মে’, জুন আৰু জুলাইত কি কি ছাপ্লিমেণ্ট খাইছিল তাৰ ভিত্তিত গৱেষণা চলোৱা হৈছিল৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here