গৰু-ছাগলীৰ ৰক্তহীনতা হোৱা কেনেকৈ জানিব?

0
1574
মানুহৰ দৰে জীৱ-জন্তুৰো কেতিয়াবা ৰক্তহীনতাৰ সমস্যাই দেখা দিয়ে৷ শৰীৰত হিমগ্ল’বিনৰ পৰিমাণ কমিলে বা কোনো আঘাতৰ ফলত অত্যধিক ৰক্তপাত হৈয়ো জীৱ-জন্তুৰ ৰক্তহীনতা হ’ব পাৰে৷ জীৱ-জন্তুৰ এনেধৰণৰ অসুবিধা হ’লে প্ৰথম অৱস্থাত ধৰা পেলোৱা কঠিন হয় যদিও কিছুমান লক্ষণৰ পৰা এই সমস্যাৰ বিষয়ে গম পাব পাৰি৷ যেনে– গৰু-ছাগলীৰ ৰক্তহীনতাৰ ৰোগ হ’লে–

(১) শৰীৰ দুৰ্বল হৈ যায়, (২) খাদ্যৰ প্ৰতি অনীহা, (৩) জীৱ-জন্তুৰ ঠেং ফুলি যাব পাৰে,(8) গাৰ ছাল টান আৰু খহটা হ’ব পাৰে, (৫) শুকান-খীণাই গৈ অলপতে ভাগৰি পৰিব পাৰে৷

Surra - Department of Agriculture


জীৱ-জন্তুৰ এনেধৰণৰ সমস্যা হ’লে খাদ্যত লোজাতীয় পদাৰ্থৰ অভাৱ হ’বলৈ দিব নালাগে৷ ইয়াৰ উপৰি–
[১] জীৱ-জন্তুৰ ৰক্তহীনতাৰ বাবে গুৰ উত্তম পথ্য৷


[২] আদাৰ গুড়ি আৰু ছিৰটাৰ গুড়ি মিশ্ৰণ কৰি খুৱালে সুফল পোৱা যায়৷


[৩] ক’লা কচুৰ ঠাৰি আৰু পাত ভাতৰ মাৰৰ লগত খুৱালে পশুৱে ৰক্তহীনতা ৰোগৰ পৰা আৰোগ্য লাভ কৰিব পাৰে৷


[8] কাটা খুতুৰা সিজাই কেঁচা পিঁয়াজৰ লগত খুৱালে উপকাৰ লাভ কৰিব পাৰি৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here