গৰুৰ পেটৰ পৰা ওলাল ৭১ কিলোগ্ৰাম জাবৰ ক’ত, কেনেকৈ?

0
1648

ৰাজহুৱা স্থানত পেলনীয়া জাবৰ, প্লাষ্টিক কি ধৰণে জীৱ-জন্তুৰ কাৰণে বিপজ্জনক হ’ব পাৰে, তাৰ ভয়াৱহ পৰিণাম হাৰিয়ানাৰ ফৰিদাবাদত দেখিবলৈ পোৱা গৈছে৷ হাৰিয়ানাৰ ফৰিদাবাদত পশু চিকিৎসকৰ এটা দলে গৰ্ভৱতী গাইগৰু এজনীৰ পেটৰ পৰা ৭১ কিলোগ্ৰামতকৈও অধিক প্লাষ্টিক, লোৰ সামগ্ৰী, নখৰ লগতে অন্য জাবৰ অস্ত্ৰোপচাৰৰ মাধ্যমেৰে বাহিৰ কৰে৷ কিন্তু দুৰ্ভাগ্যবশতঃ এই অস্ত্ৰোপচাৰত গাইগৰুজনীৰ লগতে পোৱালিজনীৰো মৃত্যু হয়৷ দৰাচলতে “পীপ্‌ল ফৰ এনিমেলচ ট্ৰাষ্ট”, ফৰিদাবাদ নামৰ সংগঠন এটাই গৰ্ভৱতী গাইজনীক এটা পথ দুৰ্ঘটনাৰ পৰা বচাই আনিছিল৷

বচাই অনাৰ পাছত চিকিৎসকে লক্ষ্য কৰিলে যে গাইজনীৰ কিবা অসুবিধা হৈছে, সেয়ে ততাতৈয়াকৈ চিকিৎসকৰ দলে অস্ত্ৰোপচাৰ আৰম্ভ কৰে৷ চাৰি ঘণ্টা ধৰি কৰা অস্ত্ৰোপচাৰৰ অন্তত গাইজনীৰ পেটৰ পৰা বাহিৰ কৰা হয় নখ, প্লাষ্টিক, মাৰ্বল আৰু অন্য জাবৰ৷ কিন্তু এই অস্ত্ৰোপচাৰৰ পাছতে গাইজনীৰ পোৱালিটোৰ মৃত্যু হয়৷ ট্ৰাষ্টৰ প্ৰেচিডেণ্ট ৰবি ডুবে কয় যে জাবৰ-জোঁথৰসমূহৰ বাবে গৰ্ভাশয়ত পোৱালিটোৱে ঠাই পোৱা নাছিল, যাৰ বাবে পেটতে পোৱালিটোৰ মৃত্যু হয়৷ ইয়াৰ তিনিদিন পাছতে গাইজনীৰো মৃত্যু হয়৷ ডুবে জনায়, ‘মোৰ তেৰ বছৰৰ অভিজ্ঞতাৰ ভিতৰত আজিলৈ ইমান জাবৰ কোনো গৰুৰ পেটৰ পৰা ওলোৱা দেখা নাই৷’ উল্লেখ্য যে ইয়াৰ আগতেও সংগঠনটোৰ দ্বাৰা কৰোৱা এক অস্ত্ৰোপচাৰত ৫০ কিলোগ্ৰাম পেলনীয়া জাবৰ এটা গৰুৰ পেটৰ পৰা বাহিৰ কৰা হৈছিল৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here