গৰম পানীৰে চুলি ধুলে কি অসুবিধা হ’ব পাৰে?

0
1801

ঠাণ্ডাৰ দিনত গোটেই দিন কৰ্মব্যস্ততা শেষ কৰি আমি গৰম পানীৰে গা ধুলে শৰীৰে আৰাম অনুভৱ কৰে৷ কিন্তু গৰম পানী নিয়মিতকৈ ব্যৱহাৰ কৰিলে সমস্যাৰ সৃষ্টি হয় বুলি জানিব পৰা গৈছে এটা অধ্যয়নৰ পৰা৷ অতিৰিক্ত গৰম পানী দেহৰ ছাল বা চুলিৰ বাবে উপকাৰী নহয়৷ আজিকালি চুলি সৰাৰ সমস্যাত অধিকাংশ লোকে ভোগা দেখা যায়৷ কিন্তু শীতকালত অন্য সময়ৰ তুলনাত বেছিকৈ চুলি সৰা দেখা যায়৷ তাৰ প্ৰধান কাৰণ হৈছে গৰম পানীৰে চুলি ধোৱা৷ চুলি ধোৱাত গৰম পানী ব্যৱহাৰ কৰিলে চুলি ৰুক্ষ হয়৷ চুলিৰ গুৰি নৰম, দুৰ্বল হয় বাবে চুলি সৰা আৰম্ভ কৰে৷ শীতকালত গৰম পানীৰ পৰিৱৰ্তে ঠাণ্ডা পানী ব্যৱহাৰ কৰাটো উচিত৷ গৰম পানীৰে চুলি ধোৱাৰ ফলত চুলিৰ হোৱা অপকাৰবোৰৰ ভিতৰত–

(১) গৰম পানীয়ে চুলিৰ গুৰি নৰম আৰু দুৰ্বল কৰাৰ বাবে চুলি সৰা আৰম্ভ কৰে৷
(২) গৰম পানীৰে চুলি ধুলে চুলিৰ প্ৰাকৃতিক তেলৰ ভাৰসাম্য নষ্ট কৰে৷
(৩) গৰম পানীয়ে চুলিৰ স্বাভাৱিক গঠনত বিৰূপ প্ৰভাৱ পেলায়৷
(৪) গৰম পানীৰে চুলি ধুলে যিহেতু চুলি শুকান হয়, সেয়ে উফিৰ সমস্যা বঢ়াই তোলে৷
আনহাতে, ঠাণ্ডা পানীৰে গা ধুলে চুলি মজবুত আৰু বেছি উজ্জ্বল হয়৷ ৰুক্ষ চুলি বেছি মসৃণ আৰু নিমজ হয়৷ চুলি ফটাৰ সমস্যা ঠাণ্ডা পানীৰে চুলি ধুলে নাইকিয়া হয়৷ শৰীৰৰ ৰক্ত সঞ্চালন বৃদ্ধি হয়, ফলত নতুন চুলি গজে৷ চুলিৰ ঘনত্ব কম হ’লে ঠাণ্ডা পানীৰে চুলি ধুলে পাতল চুলিৰ সমস্যা নোহোৱা হয়৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here