গৰমৰ দিনত শৰীৰটোক কেনেকৈ ঠাণ্ডা কৰি ৰাখিব?

0
1745

গৰমৰ দিন প্ৰায় সমাগত৷ গৰমৰ দিন আহিলে সকলোৰে মুখত দেখিবলৈ পোৱা যায় এক বিৰক্তিকৰ ভাব৷ ভাৰত গ্ৰীষ্মকালীন দেশ হোৱা হেতুকে আমাৰ ইয়াত বায়ুৰ আদ্ৰৰ্তা বেছি হয়৷ সূৰ্যৰ প্ৰখৰ তাপৰ বাবে শৰীৰৰ পৰা যথেষ্ট ঘাম বাহিৰ হোৱাৰ ফলত শৰীৰ শুষ্ক হৈ পৰে৷ ইয়াৰ ফলত আমাৰ ছাল আৰু চুলিৰ যথেষ্ট ক্ষতি হয়৷ তাৰোপৰি ঘামৰ লগত ভালেমান খনিজ পদাৰ্থও শৰীৰৰ পৰা বাহিৰ হৈ যায় আৰু শৰীৰত পানীৰ পৰিমাণ কমিবলৈ ধৰে৷ তেনে ক্ষেত্ৰত শৰীৰটোক সতেজ কৰি কেনেকৈ ৰাখিব পাৰি?

শৰীৰটোক সতেজ আৰু ঠাণ্ডাকৈ ৰখাৰ কেইটামান টিপ্‌ছ জানো আহক–


(১) পদিনা– পদিনাই আমাৰ শৰীৰটোক ঠাণ্ডা কৰি ৰাখে৷ শৰীৰৰ পৰা অলাগতিয়াল বৰ্জনীয় পদাৰ্থ নিষ্কাশন কৰাৰ ক্ষেত্ৰত পদিনা ব্যৱহাৰ কৰিব পাৰি৷ ইয়াৰ বাবে এটা পানীভৰ্তি জাৰত তিয়ঁহ, পদিনাৰ পাত আৰু আপোনাৰ প্ৰিয় ফলবিধ মিশ্ৰণ কৰি খাব পাৰে৷


(২) আমলখি– ভিটামিন-চিযুক্ত আমলখিয়ে আমাৰ পাচনতন্ত্ৰক ঠাণ্ডা কৰি ৰখাত সহায় কৰে৷ গৰমৰ দিনত শৰীৰটোক ঠাণ্ডা আৰু সতেজ কৰি ৰাখিবলৈ আমলখিৰ জুচ নাইবা আমলখি খাব পাৰে৷
(৩) চন্দন– গৰমৰ দিনত শৰীৰৰ অন্তৰ্ভাগৰ লগতে ছালতো প্ৰভাৱ পৰে৷ চন্দনৰ প্ৰলেপে শৰীৰত ঠাণ্ডাৰ প্ৰভাৱ পেলায়৷


(৪) মুলেথি– মুলেথিক বিশেষকৈ শুকান কাহ, ডিঙিৰ চেৰচেৰণি আদিত ব্যৱহাৰ কাৰ হয়৷ গৰমৰ দিনত শৰাৰটোক ঠাণ্ডা কৰি ৰখাত ইয়ো উল্লেখযোগ্য ভূমিকা পালন কৰে৷


(৫) নাৰিকলৰ পানী– গৰমৰ দিনত শৰীৰটোক হাইড্ৰেইট কৰি ৰখাৰ বাবে নাৰিকলৰ পানী অতি উত্তম৷ ই পেট ঠাণ্ডা কৰি ৰখাটো সহায় কৰে৷


(৬) লাচ্ছি– মলায় দৈৰে তৈয়াৰ কৰা লাচ্ছি খাবলৈ সোৱাদযুক্ত হোৱাৰ লগতে শৰীৰ তথা পেট ঠাণ্ডা কৰি ৰখাত সহায় কৰে৷


(৭) পান্না– পকা আমেৰে তৈয়াৰ কৰা পান্নাও গৰমৰ দিনত শৰীৰটোক সতেজ আৰু ঠাণ্ডা কৰি ৰখাত সহায় কৰে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here