গৰমৰ দিনত বাহিৰলৈ ওলাই যাওঁতে নাপাহৰিব এইকেইটা কাম

0
572

জহকালিৰ প্ৰচণ্ড গৰমে দৈনন্দিন জীৱনক বাৰুকৈয়ে প্ৰভাৱিত কৰে৷ বিশেষকৈ আমাৰ ছালখনক৷ যিমানে ৰ’দ-বতাহ-বৰষুণ নহওক কিয় আমি আমাৰ নিত্য কৰ্মখিনি কৰিবলৈ বাহিৰলৈ যাবই লাগিব৷ ফলস্বৰূপে ৰ’দৰ প্ৰখৰ তাপে ছাল তথা চুলিৰ বিভিন্ন সমস্যাৰ সৃষ্টি কৰে৷ সেয়েহে গৰমৰ দিনকেইটাত বাহিৰলৈ ওলাই যোৱাৰ আগতে এইকেইটা কাম কৰিবলৈ কেতিয়াও নাপাহৰিব৷

[১] বাহিৰলৈ ওলাই যোৱাৰ আগতে উপযুক্ত SPF থকা ছানস্ক্ৰীন লগাব নাপাহৰিব৷ এই ছানস্ক্ৰীন বাহিৰলৈ ওলাই যোৱাৰ আধা ঘণ্টা আগতে ব্যৱহাৰ কৰিব লাগে৷ ই আপোনাৰ ছালখন টেন হোৱাৰ পৰা ৰক্ষা কৰিব৷

How Much Sunscreen Do You Really Need to Apply Every Day? | Allure


[২] ৰ’দৰ প্ৰখৰ তাপে আপোনাৰ চুলিৰো ক্ষতি কৰিব পাৰে৷ সেয়েহে সপ্তাহত এবাৰ হেয়াৰ মাস্ক ব্যৱহাৰ কৰাটো উচিত৷ ইয়াৰ বাবে এলোভেৰা জেল, দৈ, মৌ আৰু অলিভ অইলেৰে তৈয়াৰী হেয়াৰ মাস্ক ব্যৱহাৰ কৰিব পাৰে৷

Yogurt For Hair: Masks For Hair Growth & Benefits | StyleCraze


[৩] গৰমৰ দিনত ওঁঠ শুকাই যোৱাটো সাধাৰণ কথা৷ সেয়েহে বাহিৰলৈ ওলাই যাওঁতে সদায় লিপবাম ল’বলৈ নাপাহৰিব৷

Lip Balm for Personal, Rs 49 /piece A.G.Industries | ID: 21716255073


[8] গৰমৰ দিনত শৰীৰৰ পৰা অত্যধিক ঘাম বাহিৰ হয় লগতে এই ঘামত ধূলি-বালি লাগি আপোনাৰ ছালৰ উজ্জ্বলতা নাইকিয়া কৰে৷ সেয়েহে ইয়াৰ বাবে উপযুক্ত স্ক্ৰাব কৰাটো জৰুৰী৷ স্ক্ৰাবে ছালৰ পৰা ধূলি-বালি আঁতৰাই ছালৰ মৃত কোষসমূহ পৰিষ্কাৰ কৰাত সহায় কৰে৷

Is a scrub good for the face? - Quora


[৫] ক’ৰবালৈ যাওঁতে বেগত সদায় পানীৰ বটল লোৱাটো অভ্যাস কৰক৷ কিয়নো গৰমৰ দিনত আমাৰ শৰীৰৰ পৰা অত্যধিক ঘাম বাহিৰ হয়, যাৰ ফলত শৰীৰত পানীৰ পৰিমাণ কমিবলৈ ধৰে৷ সেয়েহে শৰীৰটোক হাইড্ৰেট কৰি ৰাখিবলৈ প্ৰচুৰ পৰিমাণে পানী খোৱা উচিত৷

22 Easy Ways to Drink More Water Every Day | SELF


[৬] গৰমৰ দিনকেইটাত মাহত এবাৰ ফেচিয়েল কৰাটো ভাল৷ ই আপোনাৰ শুকান ছালখনক nourish কৰি উজ্জ্বলতা ঘূৰাই আনিব পাৰে৷

10 Things No One Ever Tells You About: Getting a Facial | StyleCaster


[৭] জহকালি যদি আপুনি বাহিৰলৈ যাওঁতে চুটি কাপোৰ পিন্ধিব বিচাৰিছে, তেন্তে Anti tanning Cream নলগোৱাকৈ নাযাব৷ নহ’লে আপোনাৰ ছানবাৰ্ন হৈ ছালৰ সৌন্দৰ্যত আঘাত হানিব পাৰে৷

Sunscreen explained, from SPF ratings to ingredients | Healthing.ca


[৮] গৰমৰ দিনত চকুযুৰিৰ সুৰক্ষাৰ বাবে ছানগ্লাছ, টুপী পৰিধান কৰিহে বাহিৰলৈ ওলাব৷

Five Ways to Protect Your Eyes from the Sun this Summer

LEAVE A REPLY

Please enter your comment!
Please enter your name here