গ্ৰীন টী মুখত লগোৱা কিয় উচিত?

0
1378


Blackheads, প্ৰায় বেছিভাগ মানুহৰে হোৱা এটা সমস্যা৷ পুৰুষ-মহিলা উভয়ৰে ক্ষেত্ৰত এটা সময়ত এই সমস্যাই দেখা দিয়ে৷ বহুতেই Blackheads সমূহ নখেৰে টিপি উলিয়াই দিবলৈ চেষ্টা কৰে, কিন্তু তেনে কৰা একেবাৰে উচিত নহয়৷ এনে কৰাৰ ফলত আপোনাৰ হাতত থকা বেক্টেৰিয়াই আপোনাৰ ছালখনত বিৰূপ প্ৰভাৱ পেলাব পাৰে৷ কিছুমান ঘৰুৱা টিপছ ব্যৱহাৰ কৰি আপুনি Blackheads ৰ পৰা পৰিত্ৰাণ পাব পাৰে৷


(১) গ্ৰীন টী– আমি সকলোৱে জানো যে গ্ৰীন টী খোৱা আমাৰ ছালৰ বাবে কিমান উপকাৰী৷ কিন্তু ইয়াক যে ছালত লগাই সুফল পাব পাৰি, সেই কথা আপুনি জানেনে? ইয়াৰ বাবে গ্ৰীন টীৰ বেগটো কাটি লৈ গুৰিখিনি অলপ পানীৰ লগত মিহলি কৰি লওক৷ এতিয়া এই মিশ্ৰণখিনি তিনি মিনিটমান মুখত লগাই মালিচ কৰক৷ তাৰ পাছত মুখখন কুহুমীয়া পানীৰে ধুই দিকয়৷ গ্ৰীন টীয়ে ছালৰ অতিৰিক্ত তেলৰ পৰিমাণ কম কৰে, যিয়ে Blackheads অতি সোনকালে নাইকিয়া কৰাত সহায় কৰে৷


(২) Tea tree oil – Tea tree oil এনে এটা প্ৰাকৃতিক উপায়, যিয়ে বেক্টেৰিয়া নাশ কৰে লগতে Blackheads নাইকিয়া কৰাটো ইয়াৰ ভূমিকা উল্লেখনীয়৷ ইয়াৰ বাবে কপাহত কেইটোপালমান Tea tree oil লৈ Blackheads হোৱা ঠাইত লগাব৷ এনেদৰে সপ্তাহত কেইবাবাৰো কৰিলে সুফল পাব৷


(৩) বেকিং ছ’ডাৰ সৈতে পানী– বেকিং ছ’ডাই ছালৰ অতিৰিক্ত তেল, ধূলি-বালি, ছালৰ মৃত কোষ আদি পৰিষ্কাৰ কৰাত সহায় কৰে৷ ইয়াৰ বাবে দুই চামুচ বেকিং ছ’ডাৰ লগত দুই চামুচ পানী মিশ্ৰণ কৰি এটা পেষ্ট তৈয়াৰ কৰি লওক৷ য’ত য’ত Blackheads আছে, তাত পেষ্টটো লগাই দিয়ক৷ তাৰ পাছত কুহুমীয়া পানীৰে মুখখন ধুই দিয়ক৷ এনেদৰে সপ্তাহত দুই-তিনিবাৰ কৰিলে সুফল লাভ কৰিব৷


(৪) ব্ৰাউন ছুগাৰ, মৌ আৰু নেমুৰ ৰস– এচামুচ ব্ৰাউন ছুগাৰ, দুচামুচ নেমুৰ ৰস আৰু এচামুচ মৌৰে এটা মিশ্ৰণ তৈয়াৰ কৰি লওক৷ এতিয়া এই মিশ্ৰণটো য’ত Blackheads আছে, তাত চাৰ্কুলাৰ মোচনত লগাওক৷ এই পেষ্টটো লগাওঁতে সাৱধানে লগাব, কাৰণ ব্ৰাউন ছুগাৰৰ পৰিমাণ অধিক হ’লে ই আপোনাৰ ছালখনৰ ক্ষতি কৰিব পাৰে৷ ইয়াৰ পাছত কুহুমীয়া পানীৰে মুখখন ধুই দিয়ক৷ এনেদৰে সপ্তাহত অন্ততঃ এবাৰ কৰিলে সুফল পাব৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here