গ্ৰামাঞ্চললৈও কৰ’না : ভয়াৱহ ভৱিষ্যতৰ ইংগিত

0
2141

কিন্তু গ্ৰামাঞ্চলসমূহত এতিয়াও সন্ধিয়া ছয় বজাৰ পৰাহে সান্ধ্য আইন বলৱৎ হৈ আছে৷ যাৰ ফলত গ্ৰামাঞ্চলত পূৰ্বৰ দৰেই এতিয়াও চলি আছে জনজীৱন৷

কৰ’নাই ৰাজ্যৰ গ্ৰামাঞ্চলত ভয়ংকৰ ৰূপ ধাৰণ কৰাৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে৷ ইতিমধ্যে উজনিৰ চাহ বাগিচাসমূহত নিতৌ কৰ’নাত আক্ৰান্ত লোকৰ সংখ্যা দ্ৰুত গতিত বৃদ্ধি পাবলৈ ধৰিছে৷ চৰকাৰী নিৰ্দেশ অনুসৰি চৰকাৰে অধিক কৰ’নাত আক্ৰান্ত লোকৰ বসতি প্ৰধান অঞ্চলসমূহ কণ্টেইনমেণ্ট জ’ন হিচাপে ঘোষণা কৰিছে যদিও ইয়াৰ পাছতো কৰ’নাৰ সংক্ৰমণ হ্ৰাস পোৱা নাই৷ বৰঞ্চ গ্ৰামাঞ্চলত কৰ’নাত আক্ৰান্ত লোকৰ সংখ্যা নিতৌ বৃদ্ধিহে পাবলৈ ধৰিছে৷ ৰাজ্যৰ গ্ৰামাঞ্চলত বাস কৰা বহুসংখ্যক লোকেই চৰকাৰী নীতি-নিৰ্দেশ অমান্য কৰি আজিও প্ৰশাসনৰ অজ্ঞাতে বিয়া, সবাহ অনুষ্ঠিত কৰি থকাৰ কথা পোহৰলৈ আহিছে৷ গৰু এৰাল দিয়া, বজাৰ কৰা আদি এশ এটা অজুহাত দেখুৱাই এনেদৰে কণ্টেইনমেণ্ট জ’নৰ পৰা লোকসকল ওলাই অহাৰ ফলত এতিয়া কণ্টেইনমেণ্ট জ’নৰ কাষৰীয়া অঞ্চলসমূহতো কৰ’নাৰ সংক্ৰমণ বৃদ্ধি পোৱাৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে৷ ইফালে কিছুমান গাঁৱত পানী লগা জ্বৰ, কাহ আদিত বহু লোকে ভুগি থকাৰ পাছতো তেওঁলোকে কৰ’না পৰীক্ষা কৰা নাই৷ যাৰ বাবে উক্ত লোকসকলৰ পৰা আন আন লোক আক্ৰান্ত হোৱাৰ পাছত পৰিস্থিতি অধিক জটিল হৈ পৰাৰ সম্ভাৱনাই দেখা দিছে৷ মন কৰিবলগীয়া কথা যে ৰাজ্যৰ নগৰ অঞ্চলত দিনৰ ১২ বজাৰ পৰা সান্ধ্য আইন বলৱৎ কৰা হৈছে৷ কিন্তু গ্ৰামাঞ্চলসমূহত এতিয়াও সন্ধিয়া ছয় বজাৰ পৰাহে সান্ধ্য আইন বলৱৎ হৈ আছে৷ যাৰ ফলত গ্ৰামাঞ্চলত পূৰ্বৰ দৰেই এতিয়াও চলি আছে জনজীৱন৷ ইফালে কেন্দ্ৰীয় চৰকাৰে কৰ’নাত আক্ৰান্ত লোক থকা প্ৰতিখন গাঁৱতে কভিড পৰীক্ষা কৰাৰ বাবে নিৰ্দেশ দিছে যদিও ৰাজ্যৰ গ্ৰামাঞ্চলত এতিয়াও কভিড পৰীক্ষা বিশেষ আগবঢ়া নাই৷ আনহাতে অসমৰ গ্ৰামাঞ্চলসমূহত উপযুক্ত চিকিৎসা সেৱাৰো অভাৱ৷ আকৌ বহুসংখ্যক লোক স্বাস্থ্যৰ প্ৰতিও সচেতন নহয়৷ ইতিমধ্যে এনে কাৰণতে উজিনৰ প্ৰায়বোৰ বাগিচাতে কৰ’নাই ভয়ংকৰ ৰূপ ধাৰণ কৰিছে৷ সময় থাকোঁতেই এই সংক্ৰমণ যদি ৰোধ কৰিব পৰা নাযায়, তেনেহ’লে অনাগত দিনত ৰাজ্যৰ গাঁওসমূহত ভয়ংকৰ পৰিস্থিতি সৃষ্টি হ’ব যে সেয়া নিশ্চিত৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here