গ্ৰামাঞ্চলত কৰ’না প্ৰতিষেধকৰ শ্লট বিচাৰি হাহাকাৰ

0
1819
অসমত কৰ’না মহামাৰীৰ প্ৰতিষেধক হিচাপে ৰাজ্য চৰকাৰৰ স্বাস্থ্য বিভাগৰ অধীনত প্ৰায়বোৰ চৰকাৰী চিকিৎসালয়ত গোট গঠন কৰি ভেক্‌চিন প্ৰদানৰ কাম হাতত লৈছে৷ এইবাৰ যিহেতু কৰ’না সংক্ৰমণৰ হাৰ নগৰাঞ্চলত যথেষ্ট বেছি, সেয়ে স্বাস্থ্য বিভাগৰ ফালৰ পৰা নগৰাঞ্চলত ভেক্‌চিন প্ৰদানত অগ্ৰাধিকাৰ দিছে আৰু যাতে কৰ’নাৰ সংক্ৰমণ ৰোধ কৰিব পাৰি তাৰ বাবে ভেক্‌চিন প্ৰদান ক্ষিপ্ৰতাৰে কৰিবলৈ সংকল্প লৈছে৷ ইয়াৰ বাবে চহৰৰ গৰিষ্ঠসংখ্যক লোককে ভেক্‌চিন প্ৰদান কৰা হৈছে৷ ইয়াৰ বিপৰীতে গ্ৰামাঞ্চলৰ লোকসকলে কভিড চেণ্টাৰত ঘণ্টাৰ পাছত ঘণ্টা বোন্দাপৰ দিও কিন্তু কৰ’না ভেক্‌চিন ল’বলৈ সক্ষম হোৱা নাই৷ ভেকচিনৰ পৰা বঞ্চিত গ্ৰামাঞ্চলৰ  সাধাৰণ ৰাইজে ভেক্‌চিন বিচাৰি হাহাকাৰ কৰিব লগা পৰিস্থিতিৰ সৃষ্টি হৈছে৷ এনে সময়তে গাঁৱৰ সৰ্বসাধাৰণ লোকসকলে কৰ’না ভেক্‌চিন লাভ নকৰা বিষয়টো গুৱাহাটী উচ্ছ ন্যায়ালয়ৰ মজিয়া পায়হি৷ ১৮ মে’ত এই গুৰুতৰ বিষয়টো ন্যায়ালয়ত উত্থাপন কৰে গুৱাহাটী উকীল সন্থাই৷ ১৮ মে’ত উচ্ছ ন্যায়ালয়ত গুৱাহাটী উকীল সন্থাই দাখিল কৰা ২৪/২০ নম্বৰৰ এখন ৰাজহুৱা স্বাৰ্থজড়িত আৱেদনৰ শুনানি কালত ন্যায়ালয়ত যুক্তি প্ৰদৰ্শন কৰে অধিবক্তা অসীম চমুৱাই৷ তেওঁ কয় যে কৰ’না মহামাৰীৰ এনে সংকটকালত গ্ৰামাঞ্চলৰ ৰাইজে কৰ’না প্ৰতিষেধক ল’বৰ বাবে শ্লট বুকিং কৰিব পৰা নাই৷ আনহাতে চমুৱাই কয় যে একাংশ কৰ’না ৰোগীক স্বাস্থ্য বীমা থকাৰ পাছতো ব্যক্তিগত চিকিৎসালয়ত ভৰ্তি কৰাবলৈ অস্বীকাৰ কৰে৷ তেওঁ ন্যায়ালয়ৰ দৃষ্টিগোচৰ কৰে যে ভাৰতৰ বীমা নিয়ামক আৰু উন্নয়ন প্ৰাধিকাৰীৰ স্পষ্ট নিৰ্দেশনা থকা কভিড-১৯ সম্পৰ্কীয় চিকিৎসাৰ বিষয়সমূহ বীমা কোম্পানীবোৰে খৰতকীয়াভাৱে নিষ্পত্তি কৰিব লাগে৷ চমুৱাই প্ৰতিষেধকৰ বাবে শ্লট বিচাৰি হতাশ হোৱা আৰু ব্যক্তিগত চিকিৎসালয়ে স্বাস্থ্য বীমা থকা কভিড ৰোগীক ভৰ্তি নকৰা আদি বিষয় দুটা উত্থাপন কৰাৰ পাছত অসম চৰকাৰৰ জ্যেষ্ঠ অধিবক্তা দেৱজিৎ শইকীয়াই সমগ্ৰ বিষয় সন্দৰ্ভত দুদিনৰ সময় বিচাৰে৷ এই বিষয়টোৰ সন্দৰ্ভত ১৯ মে’ত পুনৰ শুনানিৰ দিন ধাৰ্য কৰিছে ন্যায়ালয়ে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here