গ্লুকোমিটাৰেৰে ছুগাৰ টেষ্ট কৰিলে এইকেইটা ভুলতো নকৰিব?

0
1024

দেশৰ প্ৰায় ৭০ মিলিয়ন লোক ডায়েবেটিছৰ দৰে কঠিন ৰোগত আক্ৰান্ত হৈছে৷ সঠিক খোৱা-বোৱাৰ উপৰি সুস্থ জীৱন-যাপন নিয়ন্ত্ৰণৰ দ্বাৰা ডায়েবেটিছ ৰোগৰ পৰা সকাহ পাব পাৰি৷ ডায়েবেটিছ ৰোগীয়ে নিয়মিতভাৱে তেজৰ পৰীক্ষা কৰা জৰুৰী বুলি চিকিৎসকে পৰামৰ্শ দিয়ে৷ সেই কাৰণে বহুতো ৰোগীয়ে ঘৰতে গ্লুকোমিটাৰৰ সহায়ত ছুগাৰ পৰীক্ষা কৰা দেখা যায়৷ কিন্তু এটা কথা জানেনে, গ্লুকোমিটাৰৰ সঠিক ব্যৱহাৰ নাজানিলে পৰীক্ষাত ব্যাঘাত জন্মিব পাৰে আৰু ভুল তথ্যৰ পৰা ৰোগীজনৰ বিপদ হ’ব পাৰে৷  যাৰ ফলত ৰোগীজনৰ সমস্যা বাঢ়িব পাৰে৷ গ্লুকোমিটাৰৰ ব্যৱহাৰৰ আগতে তলত দিয়া নিয়মখিনি জনাটো দৰকাৰ৷

(১) শৰীৰত পানীৰ অভাৱ থাকিলে তেজত শৰ্কৰাৰ মাত্ৰা বঢ়াই দিব পাৰে৷ সেয়ে পৰ্যাপ্ত পৰিমাণে পানী সেৱন কৰিলে ৰক্তপ্ৰবাহত শৰ্কৰাৰ ঘনত্ব বাঢ়ে আৰু প্ৰস্ৰাৱ কৰা ঘনে ঘনে লাগে৷ সেয়ে ডায়েবেটিছ ৰোগীজনে প্ৰথমতে পৰ্যাপ্ত পৰিমাণে পানী সেৱন কৰিব লাগে৷
(২) বহুতকে দেখা যায় যে খোৱাৰ ৩০ মিনিটৰ পৰা এঘণ্টাপৰ্যন্ত পাছত ছুগাৰ টেষ্ট কৰে৷ যাৰ ফলত পৰীক্ষাত ছুগাৰৰ পৰিমাণ বেছি দেখাব পাৰে৷ বিশেষজ্ঞৰ মতে, খোৱাৰ পৰা কমেও দুঘণ্টা অপেক্ষাৰ কৰিলেই তেজত শৰ্কৰাৰ মাত্ৰা চাব পাৰি৷
(৩) ছুগাৰ পৰীক্ষা কৰাৰ আগে আগে হাতদুখন ভালকৈ ধুই ল’ব লাগে৷ নহ’লে ফলাফল ভুল আহিব পাৰে৷ বিশেষজ্ঞৰ মতে তেজত শৰ্কৰাৰ মাত্ৰা পৰিমাণৰে সময়ত তেজত প্ৰথম ফোট আৰু দ্বিতীয় ফোটৰ মাজত প্ৰায় ১০ শতাংশ ভিন্নতা পোৱা যায়৷ সেয়ে প্ৰতিবোৰ গ্লুকোমিটাৰেৰে পৰীক্ষা কৰাৰ আগে আগে ভালদৰে চাবোন দি হাতদুখন ধুই ল’ব লাগে৷
(৪) এনে বহু ৰোগী আছে, যিসকলে তেজ লওঁতে পাঁচ-ছয়বাৰ পৰ্যন্ত চেষ্টা কৰে৷ এনে কৰিলে সংক্ৰমণৰ আশংকা বহুগুণ থাকে৷
(৫) গ্লুকোমিটাৰ যন্ত্ৰটোৰ ৰক্ষণাবেক্ষণৰ প্ৰতি গুৰুত্ব দিব লাগে৷ যন্ত্ৰটো এটা নিৰ্দিষ্ট নিৰাপদ ঠাইত ৰাখিব লাগে৷ নিৰ্দিষ্ট সময়ৰ মূৰে মূৰে তাৰ পৰিমাণৰ নিৰ্ভুলতা পৰীক্ষা কৰিব লাগে৷ বেটাৰীৰ ফালে নজৰ ৰাখিব লাগে৷ আনহাতে প্ৰত্যেকবাৰে ব্যৱহাৰৰ আগে আগে যন্ত্ৰটো ৰিছেট কৰিহে পৰীক্ষা কৰিব লাগে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here