গোটেই দিনটো শৰীৰটোক হাইড্ৰেট কৰি কেনেকৈ ৰাখিব ? How to keep the body hydrated throughout the day?

0
609
আপোনাৰ শৰীৰটোৱে সুচাৰুৰূপে চলিবলৈ বিশেষকৈ পানীৰ ওপৰত নিৰ্ভৰ কৰে৷ দেহৰ প্ৰত্যেকটো অংগ, কোষ, টিছু আদিয়ে সঠিকভাৱে কাম কৰিবলৈ পানীৰ প্ৰয়োজন হয়৷ সেয়েহে আপোনাৰ শৰীৰত যাতে পানীৰ অভাৱ নহয়, এই ক্ষেত্ৰত বিশেষ ধ্যান দিয়া উচিত৷ তেন্তে জানো আহক কেনেধৰণে গোটেই দিনটো শৰীৰটোক হাইড্ৰেট কৰি ৰাখিব৷

(১) দৈনিক দিনটোৰ আৰম্ভণি অন্ততঃ এগিলাচ পানীৰে আৰম্ভ কৰক৷


(২) পিয়াহ লগালৈ কেতিয়াও ৰৈ নাথাকিব৷ কিয়নো যেতিয়ালৈ আপোনাৰ পিয়াহ লাগে ধৰি ল’ব ইতিমধ্যে আপুনি ডিহাইড্ৰেট হ’বলৈ আৰম্ভ কৰিছে৷ দিনত অতিকমেও ৮ গিলাচমান পানী খোৱা উচিত৷


(৩) খাদ্য তালিকাত প্ৰচুৰ পৰিমাণৰ পানীযুক্ত খাদ্য যেনে তৰমুজ, তিয়ঁহ, পালেংশাক, কমলা, বন্ধাকবি, ব্ৰকলি আদি অন্তৰ্ভুক্ত কৰা উচিত৷

Food, water and flushing - FIT Talk With Tania - Castanet.net


(8) ভোজনৰ মাজত কফি খোৱাৰ পৰিৱৰ্তে নাৰিকলৰ পানী, পাচলিৰ জুচ, ফলৰ ৰস, গাখীৰ আদি খাই শৰীৰটোৰ পানীৰ অভাৱ দূৰ কৰিব পাৰি৷


(৫) আপুনি যদি পানী খাবলৈ পাহৰে, তেন্তে আজিকালি মোবাইলতে কিছুমান এপৰ জৰিয়তে ৰিমাইণ্ডাৰ ছেট কৰি ল’ব পাৰি৷ গতিকে তেনে ৰিমাইণ্ডাৰবোৰৰ জৰিয়তে প্ৰতি আধা ঘণ্টাৰ মূৰে মূৰে পানী খোৱাৰ অভ্যাস কৰক৷

Water Reminder - Remind Drink Water - Apps on Google Play


(৬) ভোজন কৰাৰ আধা ঘণ্টা আগত আৰু আধা ঘণ্টাৰ পাছত পানী খাব৷ এই অভ্যাসে আপোনাক হাইড্ৰেট কৰাৰ লগতে অত্যধিক খাদ্য খোৱাৰ পৰাও বিৰত ৰাখিব৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here