গুৱাহাটী ৰে’ল ষ্টেচনত জব্দ কোৰিয়ান চিগাৰেট

0
923

জব্দকৃত এই কোৰিয়ান চিগাৰেটৰ কাৰ্টুনসমূহত ১.৫০ লাখ চিগাৰেট আছে বুলি জানিব পৰা গৈছে৷

যোৱা ১১ এপ্ৰিলত গুৱাহাটী ৰে’ল ষ্টেচনত এক বৃহৎ পৰিমাণৰ কোৰিয়ান চিগাৰেট জব্দ কৰা হয়৷ আৰ পি এফৰ জোৱানে চলোৱা এই অভিযানত ১৫ কাৰ্টুন বিদেশী চিগাৰেটসহ এজন ব্যৱসায়ীক আটক কৰিবলৈ সক্ষম হয়৷ উক্ত ব্যৱসায়ীজনক পল্টনবজাৰ থানাৰ অন্তৰ্গত ছাত্ৰীবাৰীৰ খাৰ্গা চৌধুৰী পথৰ কৃষ্ণ চাহু বুলি জানিব পৰা গৈছে৷ উল্লেখ্য যে গুৱাহাটী ষ্টেচনৰ ২নং পাৰ্চেল গে’টত চিগাৰেটৰ কাৰ্টুনসমূহ থেলাৰ পৰা নমাই  থকা অৱস্থাত আৰ পি এফৰ জোৱানে প্ৰত্যক্ষ কৰে আৰু লগে লগে আটক কৰে চিগাৰেটসহ ধৃত ব্যৱসায়ীজনক৷ তদন্তত জব্দকৃত এই কোৰিয়ান চিগাৰেটৰ কাৰ্টুনসমূহত ১.৫০ লাখ চিগাৰেট আছে বুলি জানিব পৰা গৈছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here