গুৱাহাটীক আৱৰ্জনামুক্ত কৰিবলৈ পৌৰ নিগমৰ পদক্ষেপ ! অভিযোগৰ বাবে ফোন নম্বৰ মুকলি (What steps is the GMC taking to make Guwahati garbage-free?)

0
293
গুৱাহাটী মহানগৰক পৰিষ্কাৰ-পৰিচ্ছন্ন কৰি তুলি নলা-নৰ্দমাসমূহ আৱৰ্জনামুক্ত কৰিবলৈ গুৱাহাটী পৌৰ নিগমে বিভিন্ন সময়ত পদক্ষেপ আৰম্ভ কৰাৰ কথা ঘোষণা কৰি আহিছে৷ নলাসমূহ আৱৰ্জনামুক্ত কৰাৰ লগতে নলাত কোনো লোকে আৱৰ্জনা পেলালে পৌৰ নিগমে জৰিমনা বিহাৰ বাবেও তৎপৰ হৈছে৷ গুৱাহাটী পৌৰ নিগমক সহায় কৰিবলৈ মহানগৰবাসীক আহ্বান জনাই নলাসমূহৰ সুৰক্ষাৰ স্বাৰ্থত অভিযুক্তৰ বিৰুদ্ধে তথ্য দিবলৈ ৮৮১১০০৭০০০, ৭৩৯৯০০৩০১, ৭৩৯৯০০৩০২, ৭৩৯৯০০৩০০৩ আৰু ৭৩৯৯০০৩০০৪ অৰ্থাৎ মুঠ পাঁচটা ম’বাইল নম্বৰ মুকলি কৰিছে৷ ৰাজহুৱা স্থানত আৱৰ্জনা পেলোৱা ব্যৱসায়ীৰ অনুজ্ঞা-পত্ৰ বাতিল কৰাৰ সিদ্ধান্তও লৈছে৷ এইলৈ অধিক কঠোৰ হৈছে গুৱাহাটী পৌৰ নিগম৷ ইয়াৰ অংশ হিচাপে গুৱাহাটীত জাবৰ পেলোৱা কাৰ্যক বাধা দিবলৈ নিজেই অভিযানত নামিল পৌৰ নিগমৰ আয়ুক্ত দেৱাশিস শৰ্মা৷ গুৱাহাটীৰ হোটেল অল্ড স্ক’ কেফেত উপস্থিত হৈ আয়ুক্তগৰাকীয়ে ল’লে বিশেষ ব্যৱস্থা৷ হোটেলখনে তেওঁলোকৰ আৱৰ্জনাসমূহ দৈনিক পথৰ কাষতেই পেলাই আহিছিল৷ পৌৰ নিগমে হোটেলখনলৈ এই সন্দৰ্ভত কেইবাবাৰো জাননী প্ৰেৰণ কৰিছিল যদিও কোনো গুৰুত্ব নিদিয়াত হোটেলখনত গৈ উপস্থিত হয় আয়ুক্তগৰাকী৷ হোটেলখনে পথত পেলোৱা আৱৰ্জনাসমূহ পুনৰ হোটেলখনৰ ভিতৰলৈ ভৰাই দিয়াৰ ব্যৱস্থা কৰাৰ লগতে আয়ুক্ত দেৱাশিস শৰ্মাই কঠোৰ সতৰ্কবাণী দিয়ে৷ আনহাতে কোনো লোকে পথত জাবৰ পেলোৱা প্ৰত্যক্ষ কৰিলে ফটো মাৰি পৌৰ নিগমৰ হাতত দিবলৈও তেওঁ মহানগৰবাসীক অনুৰোধ জনায়৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here