গুৱাহাটীৰ স্পৰ্শকাতৰ অঞ্চলত দ্ৰুত ক’ভিড পৰীক্ষাৰ নিৰ্দেশ || Direction for speedy Covid tests in Guwahati’s sensitive areas

0
779
ক’ভিড সংক্ৰমণ পূৰ্বৰ তুলনাত হ্ৰাস পাইছে যদিও গুৱাহাটী মহানগৰৰ স্পৰ্শকাতৰ অঞ্চলসমূহত ক’ভিড পৰীক্ষা বৃদ্ধিৰ সিদ্ধান্ত গ্ৰহণ কৰিছে জিলা প্ৰশাসনে৷ জিলাৰ উপায়ুক্তৰ কাৰ্যালয়ত স্বাস্থ্য বিভাগৰ সৈতে হোৱা বৈঠকত এই সিদ্ধান্ত লোৱা হয়৷ মহানগৰীত ক’ভিড সংক্ৰমণ বৃদ্ধি হৈ থকাৰ বাবে এই সিদ্ধান্ত কামৰূপ মহানগৰ জিলাৰ উপায়ুক্ত পল্লৱ গোপাল ঝাৰ৷ ক’ভিড সংক্ৰমণ হৈ থকা এলেকাসমূহ ইতিমধ্যে চিনাক্ত কৰা হৈছে৷ ৰাজধানী মণ্ডল আৰু পূব মণ্ডলত পৰীক্ষাৰ সংখ্যা বৃদ্ধি কৰিবলৈ কামৰূপ মহানগৰ জিলাৰ উপায়ুক্ত পল্লৱ গোপাল ঝায়ে নিৰ্দেশ দিছে৷ প্ৰতিদিনে অতি কমেও ১০,০০০ লোকক ক’ভিড পৰীক্ষা কৰিবলৈয়ো উপায়ুক্তগৰাকীয়ে নিৰ্দেশ দিয়ে৷ সংক্ৰমণ নাশ কৰাৰ বাবে ক’ভিড পৰীক্ষা আৰু টিকাকৰণেই একমাত্ৰ উপায় বুলি উপায়ুক্তগৰাকীয়ে উল্লেখ কৰে৷ আনহাতে অতি শীঘ্ৰে জিলাখনৰ সকলো লোকৰে ক’ভিড টিকাকৰণ সম্পূৰ্ণ কৰিবলৈয়ো স্বাস্থ্য বিভাগক তেওঁ নিৰ্দেশ দিয়ে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here