গুৰৰ লগত পানী খালে কি লাভ হয়

0
2144


শীতকাল মানেই গুৰৰ আগমন৷ যদিও বজাৰত গোটেই বছৰটোতে গুৰ উপলব্ধ, তথাপি শীতকালিৰ গুৰ যেন একেবাৰে পৃথক৷ শীতৰ সময়ত খেজুৰৰ গুৰৰ পিঠা বা পায়স নহ’লে যেন নচলেই৷ চেনিৰ তুলনাত গুৰ স্বাস্থ্যৰ পক্ষে খুবেই উপকাৰী৷ গুৰ সোৱাদযুক্ত হোৱাৰ লগতে প্ৰচুৰ পৰিমাণে ঔষধি গুণেৰেও পৰিপূৰ্ণ৷ দিনটোৰ আৰম্ভণিতে খালী পেটত এগিলাচ গৰম পানীৰ সৈতে গুৰ খালে বহু উপকাৰ লাভ কৰিব পাৰি৷ গুৰ আৰু পানীৰ সেৱনে শীতকালত শৰীৰটোক গৰম কৰি ৰখাৰ লগতে বিভিন্ন স্বাস্থ্য-সম্বন্ধীয় সমস্যাৰ পৰা বচাই ৰাখে৷ ইয়াৰ উপকাৰিতাৰ বিষয়ে জানো আহক–
(১) শীতত কুহুমীয়া পানীৰ লগত গুৰ খালে গাঁঠিৰ বিষৰ পৰা পৰিত্ৰাণ পাব পাৰি৷
(২) খালী পেটত পানীৰ সৈতে গুৰ খালে পাচন প্ৰক্ৰিয়া সক্ৰিয় হয়৷ শৌচ খোলোচা কৰি কোষ্ঠকাঠিন্য ৰোগৰ সম্ভাৱনা যথেষ্ট কম কৰে৷
(৩) গুৰে শৰীৰৰ পৰা বিষাক্ত পদাৰ্থ বাহিৰ কৰি লিভাৰ চাফা কৰি ৰখাত সহায় কৰে৷ গতিকে ৰাতিপুৱা খালী পেটত কুহুমীয়া পানীৰ সৈতে গুৰ খালে শৰীৰ তথা লিভাৰ চাফা হয়৷
(৪) চৰ্দি-কাহ-এজমা-ব্ৰংকাইটিছ নিৰাময়ৰ বাবে গৰম পানীৰ সৈতে গুৰ সেৱন কৰিব লাগে৷
(৫) গৰম পানীৰ সৈতে গুৰ খালে তেজ পৰিষ্কাৰ হয়৷ গুৰে ৰক্তহীনতাৰ সমস্যাও দূৰ কৰে৷
(৬) ৰাতিপুৱা খালী পেটত গৰম পানীৰ সৈতে গুৰ সেৱন কৰিলে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি পায়৷
(৭) ওজন হ্ৰাস কৰিবলৈ ৰাতিপুৱা কুহুমীয়া পানীৰ লগত গুৰ সেৱন কৰিব লাগে৷
(৮) গৰমৰ দিনত গুৰ-পানী সেৱনে পেট ঠাণ্ডা কৰি ৰাখে৷ অৱশ্যে পেট ঠাণ্ডা কৰিবলৈ ঠাণ্ডা পানীহে ব্যৱহাৰ কৰিব লাগে৷
(৯) গুৰ-পানী সেৱনে মাহেকীয়া পেটৰ বিষ দূৰ কৰাৰ লগতে বিভিন্ন বৃক্ক সম্বন্ধীয় সমস্যাও দূৰ কৰে৷
(১০) গুৰ-পানীৰ সেৱনে দেহত শক্তি প্ৰদান কৰে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here