গাখীৰ মিহলি মিচিৰিৰ এনে কি গুণ আছে ?

0
1575

গাখীৰ মিহলি মিচিৰি খালে আমাৰ শৰীৰৰ উপকাৰ হয়৷ আপুনি জানি হয়তো আচৰিতে হ’ব৷ শৰীৰ সুস্থ কৰি ৰাখিবলৈ গাখীৰ হৈছে এবিধ খুব উপকাৰী পানীয়৷ গাখীৰত প্ৰ’টিন, নিয়াচিন, ফচফৰাছ, পটেচিয়াম, মেগনেচিয়াম, কেলচিয়াম, আয়’ডিন, খনিজ পদাৰ্থ, চৰ্বি ৰাইবোফ্লাভিন, জিংক, ভিটামিন-এ, ভিটামিন-ডি, ভিটামিন-কে, ভিটামিন-ই আদি প্ৰচুৰ পৰিমাণে পোৱা যায়৷ যাৰ পুষ্টিগুণৰ বিষয়ে বৰ্ণনা কৰাৰ প্ৰয়োজন নাই৷ গাখীৰৰ সৈতে মিচিৰি মিহলাই খালে যথেষ্ট উপকাৰ আছে৷ গাখীৰ লগত মিচিৰি খালে এণ্টাচিড এজেণ্ট হিচাপে কাম কৰে৷ শৰীৰক কৰ্মশক্তি যোগোৱাত গাখীৰৰ অৱদান আছে৷ আনহাতে প্ৰাচীন কালৰে পৰা বিভিন্ন গুৰুতৰ ৰোগৰ চিকিৎসাত মিচিৰি ব্যৱহাৰ হৈ আহিছে৷ গাখীৰ মিহলি মিচিৰিৰ উপকাৰিতাৰ বিষয়ে জানো আহক–

(১) খাটি গৰম গাখীৰৰ সৈতে মিচিৰি মিহলি কৰি খালে বদহজম দূৰ হয়৷
(২) কোষ্ঠকাঠিন্য দূৰ কৰিবলৈ বা হজম শক্তি বৃদ্ধি কৰিবলৈ মিচিৰি মিহলি গৰমগাখীৰ নিতৌ খাব লাগে৷
(৩) এচিডিটিৰ সমস্যা নোহোৱা কৰিবলৈ গৰম গাখীৰত মিচিৰি মিহলাই খোৱাৰ অভ্যাস কৰক৷
(৪) ৰাতি শোৱাৰ আগতে মিচিৰি মিহলি এগিলাচ গৰম গাখীৰ খালে অনিদ্ৰা সহজে দূৰ হয়৷
(৫) মানসিক হতাশা, অৱসাদ দূৰ কৰা লগতে মগজু সুস্থ কৰি ৰাখিবলৈ নিয়মিত গাখীৰত মিচিৰি মিহলাই খালে সুফল পোৱা যায়৷
(৬) যিসকলে গোটেই দিনটো কম্পিউটাৰ বা লেপটপৰ সন্মুখত বহি কাম কৰি থাকে, তেওঁলোকে গাখীৰৰ সৈতে মিচিৰি মিহলি মিশ্ৰণ সেৱন কৰাটো খুবেই জৰুৰী৷ এনে মিশ্ৰণে চকুযুৰি ভালে ৰাখে৷
(৭) গৰম গাখীৰৰ লগত মিচিৰি কৰি খালে শৰীৰৰ এনাৰ্জি বৃদ্ধি কৰে৷ ইয়াৰ উপৰি হিম’গ্লবিনৰ পৰিমাণ বঢ়োৱাত সহায় কৰে৷ এইবিধ মিশ্ৰণে আমাৰ ৰক্ত সঞ্চালন আৰু অধিক উন্নত কৰে৷
(৮) ছাল উজ্জ্বল আৰু মসৃণ কৰিবলৈ মিচিৰি মিহলি গাখীৰ সেৱন কৰা ভাল৷
(৯) পুৰুষৰ যৌন বিকলতা দূৰ কৰিবলৈ গাখীৰৰ লগত মিচিৰি মিহলাই সেৱন কৰিব পাৰে৷
(১০) শীতকালত এক গিলাচ গৰম গাখীৰত মিচিৰি মিহলাই খালে চৰ্দি, কাহ আদিৰ পৰা উপশম পাব পাৰি৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here