গাখীৰ খোৱাৰ উপযুক্ত সময় কি? জানেনে?

0
1460
শৰীৰটো সুস্থ কৰি ৰাখিবলৈ আমাৰ প্ৰয়োজনীয় সুষম আহাৰৰ ভিতৰত গাখীৰ অন্যতম৷ বিশেষজ্ঞৰ মতে গাখীৰ নিজেই এটা পৰিপুষ্টি খাদ্য৷ ইয়াত প্ৰচুৰ পৰিমাণে ভিটামিন, প্ৰ’টিন, কাৰ্বহাইড্ৰেট, পটেচিয়াম, মেগনেচিয়াম, কেলচিয়াম, জিংক আদি পোৱা যায়, যি আমাৰ শৰীৰৰ কাৰণে অতি প্ৰয়োজনীয়৷ শৰীৰৰ যিকোনো পুষ্টিজনিত সমস্যা হ’লে চিকিৎসকে দৈনিক গাখীৰ খোৱাৰ পৰামৰ্শ দিয়ে৷ এতিয়া বহুতৰে মনত প্ৰশ্নৰ উদয় হয় যে গাখীৰ খোৱাৰ কিবা উপযুক্ত সময় আছে নেকি?

আয়ুৰ্বেদ শাস্ত্ৰৰ মতে গাখীৰ খোৱাৰ উপযুক্ত সময় হৈছে ৰাতি শুবলৈ যোৱাৰ আগত৷ ৰাতি শোৱাৰ আগতে এগিলাচ গৰম গাখীৰ সেৱন কৰিলে ই আমাৰ স্নায়ুসমূহক আৰাম প্ৰদান কৰে৷ ইয়াৰ লগত অলপ অশ্বগন্ধা মিশ্ৰণ কৰি খালে গাখীৰৰ উপকাৰিতা দুুগুণ বৃদ্ধি পায়৷ এনেদৰে ৰাতি শুবলৈ যোৱাৰ আগতে গাখীৰ খালে স্বাস্থ্যৰ শ্ৰীবৃদ্ধি হোৱাৰ লগতে ভাল টোপনি আৰু স্মৃতিশক্তিও উন্নত হয়৷ কিন্তু যদি আপোনাৰ এলাৰ্জিৰ সমস্যা আছে, তেন্তে চিকিৎসকৰ পৰামৰ্শ লৈহে গাখীৰ সেৱন কৰিব৷

What are the benefits of drinking milk before sleeping - lifealth


বিশেষজ্ঞৰ মতে গাখীৰৰ সৈতে কেতিয়াও আম, কল বা অন্য টেঙাজাতীয় ফল মিশ্ৰণ কৰি খোৱা উচিত নহয়৷ অনিদ্ৰাৰ সমস্যা থকা লোকসকলে দৈনিক ৰাতি শোৱাৰ আগতে গাখীৰ খালে সুফল লাভ কৰিব পাৰিব৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here