গাখীৰৰ লগত খেজুৰ খোৱাটো উচিতনে?

0
1606
খেজুৰ– সকলোৰে এবিধ প্ৰিয় ফল৷ Dry fruitsৰ ভিতৰত খেজুৰ অন্যতম৷ মিঠা সোৱাদযুক্ত খেজুৰৰ গছৰ পৰা ওলোৱা ৰসেৰে গুৰ, মিঠাই, খেজুৰৰ পায়স আদি প্ৰস্তুত কৰা হয়৷ ই এনে এবিধ ফল য’ত আমাৰ শৰীৰৰ লাগতিয়াল প্ৰায় সকলো উপাদান আছে৷ গাখীৰৰ লগত খেজুৰ শৰীৰৰ বাবে এক উত্তম পথ্য৷

(১) প্ৰতিদিনে চাৰিটামান খেজুৰ গাখীৰৰ সৈতে খালে নতুন আৰু পুৰণি চৰ্দি-কাহ, শ্বাস-প্ৰশ্বাসজনিত ৰোগ ভাল হয়৷
(২) খেজুৰ খালে শৰীৰ গৰম হৈ থাকে৷ সেয়েহে ঠাণ্ডা দিনত বৃদ্ধ ব্যক্তিসকলে গাখীৰৰ সৈতে খেজুৰ খোৱা উচিত৷

13 Proven Health Benefits Of Dates : Izoguern, Authentic products from the south of Tunisia


(৩) খেজুৰত প্ৰচুৰ পৰিমাণে আইৰন পোৱা যায়, যিয়ে ৰক্তহীনতা প্ৰতিৰোধ কৰিব পাৰে৷ সেয়েহে গৰ্ভৱতী মহিলাই গাখীৰৰ সৈতে খেজুৰ খোৱাটো আৱশ্যক৷

Jaggery with Milk Benefits And Its Side Effects | Lybrate


(8) গাখীৰ আৰু খেজুৰ একেলগে খালে শৰীৰৰ দুৰ্বলতা নাইকিয়া হয় আৰু হাড় মজবুত কৰাত সহায় কৰে৷ সেয়েহে অধিক পৰিশ্ৰম কৰা ব্যক্তিসকলে নিতৌ খেজুৰ খোৱা উচিত৷
(৫) ৰাতি এগিলাচ গৰম পানীত খেজুৰ তিয়াই ৰাখি ৰাতিপুৱা পানীখিনি খালে শৌচ খোলোচা হৈ কোষ্ঠকাঠিন্যতা দূৰ হয়৷
(৬) ব্লাড ছুগাৰ নিয়ন্ত্ৰণ, স্মৃতিশক্তি বৃদ্ধি, দৃষ্টিশক্তি বৃদ্ধি, ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি, শুক্ৰ বৃদ্ধি, সৌন্দৰ্য বৃদ্ধি কৰাতো খেজুৰ উত্তম৷


সেয়েহে শৰীৰটো সুস্থ-সবল কৰি ৰাখিবলৈ কেইটামান খেজুৰ দৈনিক খোৱাৰ অভ্যাস কৰোঁ আহক৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here