গাঁঠিৰ বিষৰ পৰা পৰিত্ৰাণ পাবলৈ কি কি খাব?

0
1536

প্ৰায়ভাগ লোকৰ ক্ষেত্ৰত গাঁঠিৰ বিষ হোৱা দেখা যায়৷ বৃদ্ধাৱস্থাত এই গাঁঠিৰ বিষ হোৱাটো কোনো নতুন কথা নহয়৷ কিন্তু আজিকালি ডাঙৰ-সৰু সকলো ব্যক্তিৰে গাঁঠিৰ বিষ হোৱা পৰিলক্ষিত হয়৷ বিভিন্ন ডাক্তৰী চিকিৎসা গ্ৰহণ কৰি ইয়াৰ পৰা পৰিত্ৰাণ পাব পাৰি যদিও কিছুমান ঘৰুৱা বিধান অৱলম্বন কৰি ইয়াৰ পৰা হাত সাৰি থাকিব পাৰোঁ৷ যিহেতু পুষ্টিকৰ খাদ্যই আমাৰ সুস্বাস্থ্য বৰ্তাই ৰখাত সহায় কৰে৷ গতিকে গাঁঠিৰ বিষ নাইকিয়া কৰিবলৈ কি কি খাব লাগে, জানো আহক–

(১) অমিতা স্বাস্থ্যৰ পক্ষে অতি উত্তম৷ ইয়াত প্ৰচুৰ পৰিমাণে ফাইবাৰ আৰু ভিটামিন-চি পোৱা যায়, যি আমাৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰাৰ লগতে গাঁঠিৰ বিষ নাইকিয়া কৰাটো উল্লেখযোগ্য ভূমিকা গ্ৰহণ কৰে৷
(২) শীতকালত বাদাম খোৱাটো স্বাস্থ্যৰ পক্ষে ভাল৷ বাদামত অমেগা৩ ফেটি এচিড পোৱা যায়৷ যি গাঁঠিৰ বিষ কম কৰাত সহায় কৰে৷ ইয়াৰ বাহিৰেও শীতকালত বাদামে শৰীৰৰ ভিতৰভাগ গৰম কৰি ৰাখে৷
(৩) নহৰুত থকা উপাদানসমূহে গাঁঠিৰ বিষ কম কৰাত আগভাগ লয়৷
(৪) ব্ৰকলি এনেকুৱা এবিধ পাচলি, য’ত প্ৰচুৰ পৰিমাণৰ ঔষধি গুণ পোৱা যায়৷ ব্ৰকলিত থকা কেৰ’টেনাছ লিউটিন নামৰ উপাদানে গাঁঠিৰ বিষ নাইকিয়া কৰে৷
(৫) মাছত অমেগা৩ ফেটি এচিড থাকে৷ ইয়াক সপ্তাহত দুবাৰকৈ খালেও গাঁঠিৰ বিষ কম হয়৷
(৬) অলিভ অইল শৰীৰৰ কাৰণে উপকাৰী৷ ই কলেষ্টৰেল কম কৰাৰ লগতে গাঁঠিৰ বিষো নিৰাময় কৰে৷
(৭) ছেৰি, জাম, ষ্ট্ৰ’বেৰি, কমলা, নেমু, মৌচমী আদি খাব লাগে৷ গ্ৰীন টীও গাঁঠিৰ বিষত উপকাৰী৷
(৮) হালধিযুক্ত গাখীৰ গাঁঠিৰ বিষত উত্তম৷ হালধিত থকা কাৰ্কিউমিন নামৰ এণ্টিইনফ্লেমেটৰী তত্ত্বই গাঁঠিৰ বিষ নিৰাময় কৰে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here