গল ঘূৰাব পৰা নাই নেকি? টেনিছ বল লওক

0
1933

এখন ৱালৰ ফালে পিঠি দি আপোনাৰ গল আৰু ৱালখনৰ মাজত এটা টেনিছ বল ৰাখি আপোনাৰ গল আৰু বাহুলৈ উঠা-নমা কৰক৷ এইদৰে কৰিলে মাংসপেশীসমূহ flexible হোৱাত সহায়ক হয়৷

বহু সময়ত গলৰ বিষে অসহ্যকৰ বেদনাৰ সৃষ্টি কৰে৷ ইয়াৰ ফলত গল ঘূৰাব নোৱৰা, মূৰৰ বিষ, বাহুৰ বিষ আদিয়ে ভুক্তভোগী লোকজনক অধিক কষ্ট দিয়ে৷ প্ৰায়ে শোৱাৰ ধৰণ বেয়া হ’লে গল ঘূৰাব নোৱৰাৰ সমস্যা হয়৷ কিন্তু কিছুমান ক্ষেত্ৰত ই গম্ভীৰ সমস্যালৈও পৰিণত হ’ব পাৰে৷ উদাহৰণস্বৰূপে গল ঘূৰাব নোৱৰা সমস্যাটো মেনিনজাইটিছ বা হাৰ্নিয়াৰ লক্ষণ হ’ব পাৰে৷ তেতিয়া আপুনি ততালিকে চিকিৎসকৰ পৰামৰ্শ লোৱা উচিত৷ কিন্তু যদি আপোনাৰ কাম কৰা বা শোৱাৰ ধৰণ বেয়াৰ হোৱাৰ ফলত গলৰ বিষ হৈছে, তেন্তে কিছুমান ঘৰুৱা উপায় অৱলম্বন কৰি ইয়াৰ পৰা ৰেহাই পাব পাৰি৷

(১) আপুনি যদি ৰাতিপুৱা সাৰ পাই উঠি অনুভৱ কৰে যে আপুনি গলটো ঘূৰাব পৰা নাই বা বিষ হৈছে তেন্তে কেইটামান সহজ ব্যায়াম কৰি আপোনাৰ মাংসপেশী পুনৰ flexible কৰিব পাৰে৷ প্ৰথমে আপোনাৰ মূৰটো লাহে লাহে এবাৰ ওপৰ এবাৰ তল কৰিবলৈ চেষ্টা কৰক৷ এনেদৰে ১০ বাৰমান কৰি উঠি অলপ বিৰতি ল’ব৷ তাৰ পাছত লাহে লাহে মূৰটো ঘূৰাই এবাৰ সোঁবাহু এবাৰ বাওঁবাহু চাবলৈ চেষ্টা কৰক৷ এনেদৰে ১০ বাৰ মান কৰিব৷ এই ব্যায়ামটোৱে গলৰ মাংসপেশী আৰু গাঁঠিসমূহক একেলগে কাৰ্য সমাধা হোৱাত সহায় কৰে৷

4 Simple Exercises to Manage Neck Pain - YouTube


(২) বিষ হোৱা অংশত অলপ গৰম বা ঠাণ্ডা ভাপ দিলেও আৰাম পোৱা যায়৷ ইয়াৰ বাবে গৰম পানীৰ বেগ নাইবা আইচপেক দিব পাৰে৷ এনেদৰে কৰাৰ ফলত Inflammation কম হোৱাৰ লগতে মগজুলৈ তেজৰ সৰবৰাহ বৃদ্ধি হয়৷ যাৰ ফলত বিষ তৎক্ষণাৎ উপশম পোৱা যায়৷

This Chinese therapy with ice can relieve all your pains | The Times of India


(৩) বিষ হোৱা অংশত অলপ মালিচ কৰিলেও সুফল পোৱা যায়৷ ইয়াৰ বাবে আপুনি হাতেৰে মালিচ কৰিব পাৰে নাইবা এখন ৱালৰ ফালে পিঠি দি আপোনাৰ গল আৰু ৱালখনৰ মাজত এটা টেনিছ বল ৰাখি আপোনাৰ গল আৰু বাহুলৈ উঠা-নমা কৰক৷ এইদৰে কৰিলে মাংসপেশীসমূহ flexible হোৱাত সহায়ক হয়৷ ইয়াৰ উপৰি পুৰণি পৰম্পৰা অনুসৰি আপোনাৰ শোৱা গাৰুটো ৰ’দত দি ব্যৱহাৰ কৰিলেও যথেষ্ট আৰাম পাব পাৰি৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here