খৰাং বতৰে বিশ্বত অসমৰ চাহৰ সমাদৰ কমাব নেকি?

0
1041

বিশ্বৰ মানসন্মত চাহ উৎপাদনকাৰী ৰাষ্ট্ৰসমূহৰ সন্মুখত অসমৰ চাহৰ ওপৰত  প্ৰতিকূল বতৰে আঘাত হানিছে৷ বিশেষকৈ অসমত মানসন্মত চাহ উৎপাদনত প্ৰতিকূল বতৰে ব্যাঘাত জন্মাইছে৷ চাহ মানসন্মত নহ’লে এতিয়া আৰু বিশ্বৰ চাহৰ বজাৰ দখল কৰা সহজ নহয়৷ কাৰণ চীন, কেনিয়া, শ্ৰীলংকা আদি ৰাষ্ট্ৰই ইতিপূৰ্বে অতি উন্নত মানৰ চাহ উৎপাদন কৰি বিশ্বৰ কেইবাখনো ৰাষ্ট্ৰৰ বজাৰ দখল কৰিছে৷ পূৰ্বে যিসমূহ ৰাষ্ট্ৰত অসমৰ উৎপাদিত চাহৰ সমাদৰ অধিক আছিল, তেনে ৰাষ্ট্ৰসমূহত চীন, কেনিয়া, শ্ৰীলংকাৰ চাহৰ সমাদৰ বৃদ্ধি পাইছে৷ চিন্তনীয় বিষয় হ’ল বিশ্ব বিখ্যাত অসমৰ চাহৰ বিশ্বৰ বজাৰত সমাদৰ কমিছে নেকি? জানিব পৰা মতে চীন, কেনিয়া, শ্ৰীলংকা আদি ৰাষ্ট্ৰই মানসন্মত চাহ উৎপাদনত অধিক গুৰুত্ব দিয়াৰ বিপৰীতে অসমত উৎপাদিত চাহৰ মান বিদেশী ৰাষ্ট্ৰৰ গ্ৰাহকে বিচৰা ধৰণে উন্নত হোৱা নাছিল৷ যাৰ বাবে ইতিমধ্যে বিশ্বৰ বজাৰত অসমৰ চাহৰ নেতিবাচক প্ৰভাৱ পৰা আৰম্ভ হৈছে৷ এনে পৰিপ্ৰেক্ষিতত উৎপাদনকাৰীসকলে অতি শেহতীয়াকৈ অসমৰ চাহৰ মান উন্নত কৰিবলৈ যৎপৰোনাস্তি প্ৰচেষ্টা চলাই আছে যদিও এইবাৰ প্ৰতিকূল বতৰে বেয়াকৈ বিধি পথালি দিছে৷ যিটো সময়ত উৎপন্ন হোৱা উন্নত মানৰ কেঁচাপাতৰ পৰা অতি উন্নত মানৰ চাহ প্ৰস্তুত কৰা হয়, সেই সময়ত বতৰে ব্যাঘাত জন্মাইছে৷ সাধাৰণতে বছৰৰ প্ৰথম ভাগত উৎপন্ন হোৱা কেঁচাপাত অতি উন্নত মানৰ হয় বুলি চাহ বিজ্ঞানীসকলে সদৰী কৰি আহিছে৷ সেই চাহৰ বিশ্বৰ বজাৰত চাহিদা বৃদ্ধি পায়৷ কিন্তু এইবাৰ বছৰৰ প্ৰথম ভাগত উন্নত মানৰ কেঁচাপাত উৎপন্ন হোৱা নাই৷ উন্নত মানৰ পাত উৎপন্ন হ’বৰ বাবে চাহ বাগিচা অঞ্চলসমূহত পৰ্যাপ্ত বৰষুণ হোৱা নাই৷ পৰ্যাপ্ত বৰষুণৰ অভাৱত বহু বাগিচাত খৰাংসদৃশ পৰিস্থিতি হৈছে আৰু কেঁচাপাতৰ মান নিম্নগামী হৈ গৈ আছে৷ যাৰ বাবে এই বছৰত মানসম্পন্ন চাহৰ উৎপাদন হ্ৰাস পাব আৰু স্বাভাৱিকতে উন্নত ৰাষ্ট্ৰলৈ চাহৰ ৰপ্তানি হ্ৰাস পাব৷ যাৰ ফলত অসমৰ চাহৰ ৰপ্তানি পুনৰ হ্ৰাস পাই ৰাজ্যখনৰ চাহৰ অৰ্থনীতিত নেতিবাচক প্ৰভাৱ পৰাৰ সম্ভাৱনা আছে৷ উল্লেখ্য যে উজনি অসমৰ প্ৰায়কেইখন জিলাতেই পৰ্যাপ্তসংখ্যক চাহ বাগিচা আছে৷ এতিয়া উন্নত মানৰ চাহ উৎপাদন কৰিব নোৱাৰিলে ৰপ্তানি হ্ৰাস পাই সামগ্ৰিকভাৱে ৰাজ্যৰ চাহ খণ্ডটোক ক্ষতিগ্ৰস্ত কৰিব৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here