খালী পেটত জিৰা মিহলি পানী খালে কি সুফল পাব?

0
1028


এবাৰ শৰীৰৰ ওজন বাঢ়িলে ইয়াক কমোৱাটো ইমান সহজ কথা নহয়৷ বহুতেই ওজন বাঢ়িলে খোৱা-বোৱাৰ যত্ন লোৱাৰ লগতে ওজন হ্ৰাসৰ বাবে আৰু কত কি যে নকৰে৷ বিভিন্ন খাদ্য খালে ওজন হ্ৰাস হয় বুলি শুনা যায়৷ কিন্তু জিৰাৰ দৰে এবিধ মছলা, যি সেৱন কৰিলে আমি শৰীৰৰ ওজন বৃদ্ধি কমাব পাৰোঁ৷ কেঁচাই হওক, ভজাই হওক কিংম্বা ইয়াক গুড়ি কৰি আঞ্জাৰ সৈতে খাব পাৰি৷ ইয়াৰ সুগন্ধই ব্যঞ্জনখনো সুস্বাদু কৰি তোলে৷

আমি জিৰা বিভিন্ন ধৰণে খাওঁ যদিও ৰাতি এটা পাত্ৰত গোটা জিৰা পানীত তিয়াই থৈ ৰাতিপুৱা সেই পানীখিনি খালে যথেষ্ট উপকাৰ পোৱা যায়৷ বিশেষকৈ পেটৰ চৰ্বি কমোৱাৰ উপৰি মেদবহুলতা সমস্যাৰ বাবে অতি উত্তম পন্থা৷

Jeera Water: Benefits and Side Effects | How to make Jeera Water


[১] জিৰাত থাইমল নামৰ এবিধ পদাৰ্থ পোৱা যায়৷ যিয়ে শৰীৰত বাইল নামৰ হৰমন তৈয়াৰ কৰাত সহায় কৰে৷ বাইল হৰমনে খাদ্য হজম হোৱাত সহায় কৰে৷ বিশেষকৈ কাৰ্বহাইড্ৰেট আৰু ফেটৰ হজমত বাইল হৰমনে আগভাগ লয়৷


[২] আনহাতে জিৰাৰ সুস্বাদু গোন্ধটোও শৰীৰৰ কাৰণে উপকাৰী৷ ইয়াৰ বাবে শৰীৰত বেছি পৰিমাণে এনজাইম প্ৰস্তুত হয়৷ ইয়াৰ প্ৰভাৱত হজম প্ৰক্ৰিয়াৰ গতি বৃদ্ধি পায়৷ হজম শক্তি বাঢ়িলে ওজন নিয়ন্ত্ৰণত সুবিধা হয়৷


[৩] ওজন নিয়ন্ত্ৰণৰ প্ৰথম ঢাপ হৈছে, শৰীৰক যিমান কেলৰিৰ প্ৰয়োজন হয়, ইয়াতকৈ কম কেলৰি খাব৷ সেয়েহে পুৱা জিৰা পানীৰ সৈতে খালে উপকাৰ পোৱা যায়৷ এগিলাচ জিৰা মিহলি পানীত মাত্ৰ ৭ কেলৰি থাকে৷

15 Incredible Benefits of Jeera Water for Your Skin, Hair and Health - NDTV Food


[8] জিৰা মিহলি পানী খালে হজম শক্তি বঢ়ায়৷ সেই কাৰণে পেটত চৰ্বি জমা হোৱাৰ সুযোগ নাপায়৷


[৫] পানী মিহলি জিৰাত কেলৰি বেছি নাথাকিলেও পেট ভৰ্তি ৰখাত সহায় কৰে৷ ফলত বহু সময় ধৰি ভোক নলগাকৈ থাকে৷ সেয়েহে শৰীৰৰ ওজন নিয়ন্ত্ৰণত থাকে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here