খালী পেটত চাহ খালে কি কি সমস্যা হ’ব পাৰে?

0
1580

বহুতৰ ক্ষেত্ৰতে দেখা যায় যে ৰাতিপুৱাৰ ভাগত চাহকাপ খাইহে আন কামত হাত দিয়ে৷ গৰম গৰম ধোঁৱা বলি থকা চাহ একাপ খোৱাৰ অভ্যাস বহুতৰে আছে৷ কিন্তু মনত ৰখা উচিত খালী পেটত চাহ খোৱাটো স্বাস্থ্যৰ পক্ষে হানিকাৰক৷ চাহে এচিডিটি বঢ়োৱাৰ মূল কাৰক৷ তাতে আকৌ যদি গাখীৰ দিয়া চাহ তেতিয়া হ’লে সি আৰু অধিক মাৰাত্মক৷ খালী পেটত চাহ খালে শৰীৰত প্ৰ’টিনৰ অভাৱ হয়৷ তাৰ লগতে পুষ্টি উপাদানৰ শোষণো কমি যায়৷ গাখীৰ দিয়া চাহ  খালে পেটৰ বিভিন্ন সমস্যাত ভোগা দেখা যায়৷ পেট ফুলা, পেটৰ বিষ আদি হ’ব পাৰে৷ আনহাতে দিনৰ ভাগত কৰ্মব্যস্ততাৰ মাজতে চাহ একাপ খালে অৱসাদ দূৰ হয়৷ তাৰ পৰিৱৰ্তে খালী পেটত চাহ খালে দিনটো বমি বমি ভাব হৈ থকাৰ সম্ভাৱনা থাকে৷ কাৰণ চাহত প্ৰচুৰ পৰিমাণে টক্সিন থাকে৷ ইয়াৰ উপৰি কেফেইন, থায়ানিন আৰু থিয়’ফাইলিন আদি উপাদান থকাৰ বাবে বদহজম হোৱা সম্ভাৱনা পুৰামাত্ৰাই থাকে৷ আনহাতে দিনত ৪-৫ কাপ চাহ খালে পুৰুষৰ প্ৰষ্টেড কেঞ্চাৰ হোৱাৰ সম্ভাৱনা অধিক৷ প্ৰসংগতঃ চাহ সেৱন কৰাটো শৰীৰৰ বাবে ভাল যদিও খালী পেটত চাহ খোৱাটো একেবাৰে অনুচিত৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here