খালী পেটত গ্ৰীন টী খোৱাটো ভালনে?

0
911

সমগ্ৰ বিশ্বত ওজন কম কৰাৰ ক্ষেত্ৰত আৰু মেটাবলিজমৰ বৃদ্ধিৰ বাবে গ্ৰীন টীক সকলোতকৈ উপকাৰী বুলি মনা গৈছে৷ ইয়াৰ গুণাগুণৰ কথা জানিয়েই মানুহে ইয়াক অধিক সেৱন কৰিবলৈ লৈছে৷ কিন্তু গ্ৰীন টী খোৱাৰ সঠিক সময় আৰু সঠিক নিয়ম অধিকাংশ মানুহে নাজানে৷

গ্ৰীন টী খালী পেটত খোৱা ভাল নে ভৰা পেটত খোৱা ভাল আজি আমি আলোচনা কৰিম–

(১) বিশেষজ্ঞৰ মতে খালী পেটত গ্ৰীন টী খালে শৰীৰৰ ওপৰত নেতিবাচক প্ৰভাৱ পৰে৷ কাৰণ খালী পেটত এনেধৰণৰ পানীয়ই পেটক উত্তেজিত কৰি তোলে আৰু ইয়াৰ ফলত গেছ, অম্ল আদিৰ সমস্যা হ’ব পাৰে৷ অকল গ্ৰীন টীয়েই নহয়– খালী পেটত নেমু, আপেল চিডাৰ ভিনেগাৰ, আদাও খাব নালাগে৷
(২) খালী পেটত গ্ৰীন টী খালে কোষ্ঠকাঠিন্যৰ সমস্যা হ’ব পাৰে, কাৰণ গ্ৰীন টীত টেনিন থাকে, যিয়ে পেটত এচিডৰ পৰিমাণ বঢ়ায়৷
(৩) গ্ৰীন টীত থকা কেফেইনে কৰ্টিছল আৰু আড্ৰেনেলিনৰ জৰিয়তে স্ত্ৰেচ হৰমনক প্ৰকাশ কৰে৷ সেয়েহে খালী পেটত গ্ৰীন টী খালে ৰক্তচাপ আৰু হাৰ্টৰ সমস্যা বৃদ্ধি পাব পাৰে৷
(৪) খালী পেটত গ্ৰীন টী খালে শৰীৰৰ কাৰণে ক্ষতিকাৰক হয়৷ গতিকে গ্ৰীন টী খালে লগত কিবা খোৱা উচিত৷ খালী পেটত এই চাহ খালে আলচাৰ আৰু হাইপাৰ এচিডিটি বৃদ্ধি পায়৷
(৫) খালী পেটত গ্ৰীন টী খালে তাত থকা উপাদানসমূহে শৰীৰৰ প্ৰ’টিনৰ লেভেল কমাই দিয়ে৷
(৬) গ্ৰীন টীত থকা কেটেছিন্‌ছ নামৰ উপাদানে মেটাবলিজম বৃদ্ধি কৰি ওজন নিয়ন্ত্ৰণত সহায় কৰে৷ কিন্তু আপুনি যদি খালী পেটত গ্ৰীন টী খায়, তেন্তে এই কেটেছিনছ উপাদানে শৰীৰৰ আইৰণৰ শোষণ ক্ষমতা কমাই দিয়ে৷ যিসকল ব্যক্তিৰ শৰীৰত আগৰ পৰাই এনিমিয়াৰ দৰে সমস্যা আছে, তেওঁলোকে খালী পেটত গ্ৰীন টী একেবাৰে খোৱা উচিত নহয়৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here