খালী পেটত কল নাখাব

0
1603

আমি সকলো সময়তে খাদ্য গ্ৰহণ কৰোঁ যদিও ৰাতিপুৱাৰ ভাগত খোৱা খাদ্য আটাইতকৈ গুৰুত্বপূৰ্ণ বিবেচিত হয়, কাৰণ ৰাতিপুৱাৰ ব্ৰেকফাষ্ট খায়েই আমি সকলোৱে দিনটোৰ ব্যস্ততাৰ মাজত সোমাই পৰিবলগীয়া হয়৷ যদিও আমি ৰাতিপুৱাৰ ব্ৰেকফাষ্ট ভৰপূৰ মাত্ৰাত খাব লাগে, কিন্তু কেতিয়াবা সময়ৰ অভাৱ বা কামৰ হেঁচাত আমি সহজতে পোৱা খাদ্য খাই ওলাই যাওঁ৷ তেনেকুৱা এবিধ সহজতে পোৱা খাদ্য হৈছে কল৷ United States Department of Agricultureৰ মতে এটা ষ্টেণ্ডাৰ্ড ছাইজৰ কলত ৮৯ কেলৰি থাকে৷ ইয়াৰ উপৰি ইয়াত প্ৰচুৰ পৰিমাণে আমাৰ শৰীৰৰ বাবে লাগতিয়াল আটাইকেইটা উপাদান থাকে৷ গতিকে নিঃসন্দেহে কল শৰীৰৰ বাবে অতি উপকাৰী৷ সকলো ধৰণৰ বেমাৰতে কলে ঔষধৰ দৰে কাম কৰে৷

কিন্তু আপুনি জানেনে খালী পেটত কল খোৱাটো একেবাৰে উচিত নহয়৷ কাৰণ–

(১) ইয়াত থকা প্ৰচুৰ পৰিমাণৰ প্ৰাকৃতিক চেনিয়ে শক্তি বৃদ্ধিত অৰিহণা যোগায় যদিও কিছু ঘণ্টা পাছত এই চেনিয়ে আপোনাক অৱশ কৰিব পাৰে৷


(২) খালী পেটত কল খালে ই ভাগৰ লগা, টোপনি লগাত অৰিহণা যোগাব পাৰে৷


(৩) নিউট্ৰিশ্যনিষ্ট ডাঃ অঞ্জু চুদৰ মতে কলত প্ৰচুৰ পৰিমাণৰ এচিড আৰু পটাচিয়াম থাকে৷ ৰাতিপুৱাৰ ভাগত কল খোৱা অত্যন্ত উপকাৰী, কিন্তু খালী পেটত নহয়৷ ইয়াত থকা প্ৰচুৰ পৰিমাণৰ মেগনেচিয়ামে তেজত কেলচিয়াম আৰু মেগনেচিয়ামৰ ভাৰসাম্য বিনষ্ট কৰে৷ যি পাছলৈ গৈ কাৰ্ডিঅ’ভাস্কুলাৰ ছিষ্টেমত গৈ প্ৰভাৱ পেলাব পাৰে৷


(৪) আয়ুৰ্বেদ শাস্ত্ৰ অনুসৰি, অকল কলেই নহয়, যিকোনো ফল খালী পেটত খোৱাটো অনুচিত৷ কাৰণ আজিকালি বজাৰত দেখা সতেজ ফলসমূহ প্ৰকৃততে প্ৰাকৃতিক নহয়৷ গতিকে পুৱাই খালী পেটত কাৰ্বাইডযুক্ত ফল খালে ই শৰীৰৰ কাৰণে হানিকাৰক হ’ব পাৰে৷

গতিকে আপুনি যদি ৰাতিপুৱা কল খোৱাটো পচন্দ কৰে, তেন্তে অন্য খাদ্যৰ লগত মিহলাই ইয়াক গ্ৰহণ কৰিব৷ এনেদৰে খালে ই আপোনাৰ শৰীৰৰ কোনো ক্ষতি কৰিব নোৱাৰে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here