খালী পেটত এগিলাচ গৰম পানীৰ কিমান প্ৰয়োজন?

0
1434


পানীয়েই জীৱনৰ প্ৰাণ৷ আমাৰ শৰীৰৰ বাবে যে পানী অত্যন্ত প্ৰয়োজনীয়, সেই কথা দোহৰাৰ প্ৰয়োজন নাই৷ পানী আমাৰ অকল পিয়াহ নিবাৰণৰ বাবেই নহয়, শৰীৰৰ সঠিক ক্ৰিয়াকলাপৰ বাবেও অতিকে প্ৰয়োজন৷ আমাৰ শৰীৰটো প্ৰায় ৭০ শতাংশ পানীৰে পৰিপূৰ্ণ৷ এজন প্ৰাপ্তবয়স্ক লোকে দৈনিক ২-৩ লিটাৰ পানী সেৱন কৰিব লাগে৷ গৰম পানীৰ শৰীৰত গুৰুত্বপূৰ্ণ ভূমিকাৰ বিষয়ে জানো আহক–


(১) ওজন কমায়: গৰম পানীয়ে শৰীৰৰ পৰা অলাগতিয়াল পদাৰ্থ বাহিৰ কৰাত সহায় কৰে৷ সাধাৰণতে পানী সেৱন কৰিলে, বিশেষকৈ গৰম পানী সেৱন কৰিলে শৰীৰৰ ওজন হ্ৰাস হোৱাত অৰিহণা যোগায়৷
(২) বিপাক ক্ৰিয়াত সহায় কৰে: গৰম পানীয়ে শৰীৰৰ অভ্যন্তৰীণ পৰিৱৰ্তন কৰে আৰু নিয়ন্ত্ৰণত ৰাখে৷ তাপমাত্ৰা নিয়ন্ত্ৰণ কৰি বিপাক ক্ৰিয়া সক্ৰিয় কৰি ৰাখে৷ ফলত খাদ্য সহজে হজম হয়৷ গেছৰ সমস্যা দূৰ হয়৷
(৩) চৰ্বি কমায়: গৰম পানীয়ে শৰীৰৰ মেদবহুলতা সমস্যা দূৰ কৰে৷ শৰীৰৰ চৰ্বি ভাঙি পেলায় অথবা অণুত পৰিণত কৰি চৰ্বি কমোৱাত সহায় কৰে৷ ফলত পাচনতন্ত্ৰৰ ক্ৰিয়া সহজ কৰি তোলে৷
(৪) ভোক বঢ়ায় : গৰম পানীৰ সেৱনে ভোক বঢ়োৱাত অৰিহণা যোগায়৷ খাদ্য খোৱাৰ ত্ৰিছ মিনিট আগেয়ে এগিলাচ গৰম পানী খালে কেলৰি গ্ৰহণৰ সম্ভাৱনা কমোৱাত সহায় কৰে৷
(৫) কোষ্ঠকাঠিন্য দূৰ কৰে: গৰম পানীয়ে অন্ত্ৰৰ সংকোচন প্ৰসাৰণ নিয়ন্ত্ৰণ কৰে৷ ফলত অন্ত্ৰত জমা হোৱা মল বাহিৰ কৰাত সহায় কৰে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here