খাদ্যত পৰিমাণতকৈ বেছি হিং দিয়ে নেকি? Do you use more Asafoetida than is needed in your food?

0
640
হিঙৰ বিষয়ে নিশ্চয় আপুনি জানে৷ খাদ্যৰ সোৱাদ বৃদ্ধিৰ লগতে মাংস সোনকালে সিজিবলৈ বা ইয়াৰ অকটা ভাব দূৰ কৰি খাদ্যৰ জুতি বৃদ্ধিৰ বাবে হিং ব্যৱহাৰ কৰা হয়৷ এই হিং হজমৰ বাবে খুব ভাল৷ গেছ, পেট ফুলা, পাচন প্ৰক্ৰিয়া সুস্থ কৰি ৰখাত হিং উপকাৰী৷ পিছে, প্ৰয়োজনতকৈ অধিক হিং খাদ্যত দিলে ই আপোনাৰ হিতে বিপৰীত হ’ব পাৰে৷

(১) হিং পৰিমাণতকৈ অধিক খালে গেছ, ডায়েৰিয়া, পেট জ্বলা-পোৰা, বমি আদি হ’ব পাৰে৷

(২) হিং বেছিকৈ খালে ছালৰ সমস্যা, এলাৰ্জি, ওঁঠ ফুলি অহা, মূৰৰ বিষ, সঘনাই উগাৰ অহা আদি সমস্যাই দেখা দিব পাৰে৷

Swollen upper lip: Causes and treatments


(৩)
গৰ্ভাৱস্থাত বেছি হিং খালে গৰ্ভপাত হ’ব পাৰে৷ হিঙে জৰায়ুৰ সংকোচনক উদ্দীপিত কৰি গৰ্ভপাতৰ সম্ভাৱনা বৃদ্ধি কৰে৷

(8) লগতে স্তনপান কৰোৱা মাতৃয়েও হিং খোৱা উচিত নহয়৷ হিঙত থকা কেমিকেল দুগ্ধৰ জৰিয়তে শিশুটিৰ দেহলৈ গৈ ব্লিডিং ডিচঅৰ্ডাৰৰ দৰে সমস্যা বৃদ্ধি কৰিব পাৰে৷

(৫) সেয়েহে তেজৰ সমস্যা থকা লোকসকলে হিং নোখোৱাই ভাল৷ কিয়নো ই তেজ গোট মৰা প্ৰক্ৰিয়া মন্থৰ কৰে৷


LEAVE A REPLY

Please enter your comment!
Please enter your name here