কৰ’না ৰোধ সম্পৰ্কে ভাৰতে উত্তৰ কোৰিয়াৰ আদৰ্শ লওক

0
781

কৰ’না ভাইৰাছৰ ভয়াৱহতা সমগ্ৰ বিশ্বৰ ইখনৰ পাছত সিখন দেশলৈ সংক্ৰমণ ধাৰাবাহিকভাৱে অব্যাহত আছে৷ ইতিমধ্যে কৰ’নাৰ শৃংখলডাল ভাঙিবলৈ সকলো দেশেও লকডাউন, সান্ধ্য আইন আদি নানা কৌশল অৱলম্বন কৰিছে৷ সকলো কভিড বিধি মানিবলৈ জনসাধাৰণক কঠোৰভাৱে নিৰ্দেশ দিয়া হৈছে৷ তৎসত্ত্বেও কিন্তু কভিডৰ সমক্ৰমণ ৰোধ কৰিবলৈ সক্ষম হোৱা নাই ভাৰতকে ধৰি আন কেতবোৰ দেশে৷ ভাৰতত দিনক দিনে কৰ’নাৰ সংক্ৰমণ দ্ৰুতগতিত বৃদ্ধি পাবলৈ ধৰিছে৷ ভাৰতে নিতৌ নতুন নতুন অভিলেখ গঢ়িছে কৰ’নাক লৈ৷ ঠিক তেনে সময়তে উত্তৰ কোৰিয়াই সমগ্ৰ বিশ্বৰে দৃষ্টি আকৰ্ষণ কৰিছে৷ তথ্য মতে উত্তৰ কোৰিয়াই বিশ্ব স্বাস্থ্য সংস্থাক জনাইছে যে দেশখনত বিগত মাহত ২৫,৯৮৬জন লোকৰ কৰ’না পৰীক্ষা কৰে আৰু তাৰ ভিতৰত এজনো সংক্ৰমিত পোৱা নগ’ল৷ আনহাতে ১৩৯জন লোকৰ ইনফ্লুৱেঞ্জাৰ দৰে ৰোগ হৈছিল৷ এক কথাত দেশখন সংক্ৰমণ মুক্ত হৈ পৰিছে৷ উত্তৰ কোৰিয়াই সংক্ৰমণৰ সৈতে মোকাবিলা কৰাটো ৰাষ্ট্ৰীয় অস্তিত্বৰ সৈতে জড়িত বিষয় বুলি উল্লেখ কৰে৷ কৰ’না সংক্ৰমণ ৰোধৰ বাবে দেশখনে ক্ষিপ্ৰতাৰে কাৰ্যব্যৱস্থা গ্ৰহণ কৰিছিল৷ কভিড বিধি কঠোৰভাৱে পালন কৰাৰ ফলত দেশখন কৰ’নামুক্ত হোৱাৰ দিশে আগবাঢ়িছে৷ কৰ’নাকালৰ সময়ছোৱাত দেশখনত পৰ্যটকৰ প্ৰৱেশ নিষিদ্ধ কৰা হৈছে৷ আনকি বিদেশী পৰ্যটককো ঘূৰাই  পঠোৱা হৈছে৷ দেশখনৰ সীমান্ত বাণিজ্যত নিষেধাজ্ঞা আৰোপ কৰা হৈছে৷ তাৰ ইতিবাচক ফল লাভ কৰিবলৈ সক্ষম হৈছে উত্তৰ কোৰিয়াই৷ সেয়ে উত্তৰ কোৰিয়াৰ কৰ’না ৰোধৰ বাবে কৰা কাৰ্যপন্থা ভাৰতৰ লগতে বিশ্বৰ অইন দেশেও লোৱা উচিত৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here