কৰ’না ৰোধৰ বাবে অধিক সাৱধান আৰু সজাগ হওক

0
872

সমগ্ৰ দেশৰ লগতে ৰাজ্যত অব্যাহত আছে কৰ’নাৰ সন্ত্ৰাস৷ তাৰ সমান্তৰালভাৱে কৰ’নাত মৃত্যুৰ বিভীষিকাৰ ধাৰাও অব্যাহত আছে৷ কৰ’না কালত চাৰিওফালে কেৱল মৃত্যু যুঁজৰ কিৰিলি৷ ঘৰৰ চৌহদৰ ভিতৰত সকলোৱে আতংকময় জীৱন অতিবাহিত কৰিছে৷ তাৰ মাজতে ৰাজ্যবাসীলৈ এটা ভাল খবৰে নিৰাশাৰ মাজত আশাৰ ৰেঙণি আনিছে৷ অসমত ২৬ দিনৰ মূৰত কৰ’নাত আক্ৰান্তৰ সংখ্যা হ্ৰাস পাইছে৷ যোৱা কিছুদিন ধৰি কৰ’না ভাইৰাছৰ সংক্ৰমণৰ ফলত আক্ৰান্তৰ সংখ্যা তড়িৎ গতিত বৃদ্ধি পাইছিল৷ কিন্তু যোৱা ২৪ ঘণ্টাত  আক্ৰান্তৰ সংখ্যা কিছু হ্ৰাস হয়৷ যোৱা ২৪ ঘণ্টাত ৰাজ্যত পজিটিভিটিৰ হাৰ আছিল ৮.৫১ শতাংশ৷ আনহাতে যোৱা ২৪ ঘণ্টাত ৰাজ্যত মুঠ আক্ৰান্তৰ সংখ্যা ৩৬৫০ আৰু ৫৬ জনৰ লোকৰ কৰ’নাত মৃত্যু হয়৷ এইপৰ্যন্ত ৰাজ্যত কৰ’নাত আক্ৰান্ত গৈ ২১৭৯জন লোকে মৃত্যুক আঁকোৱালি লৈছে৷ আনহাতে পূৰ্বৰ ২ বজাৰ পৰিৱৰ্তে দুপৰীয়া ১২ বজাৰ পৰা ৰাজ্যত সান্ধ্য আইন বলৱৎ কৰাৰ পৰিপ্ৰেক্ষিতত কৰ’নাৰ সংক্ৰমণ ধাৰা কিছু কমা পৰিলক্ষিত হোৱাৰ আশা কৰিছে ৰাজ্য চৰকাৰে৷ ইয়াৰ ফলতো যদি কৰ’নাৰ আক্ৰান্ত লোকৰ সংখ্যা হ্ৰাস নাপায়, তেন্তে গোটেই ৰাজ্যত লকডাউন নিদিলেও চহৰ অঞ্চলত লকডাউন বলৱৎ কৰাৰ পূৰ্ণ সম্ভাৱনা আছে৷ একেদৰে কভিড সংক্ৰমণ ৰোধৰ বাবে আন্তঃজিলাৰ মাজত যাতায়াত সম্পূৰ্ণৰূপে বন্ধৰ ঘোষণা কৰিব ৰাজ্য চৰকাৰে৷ ইয়াৰ মাজতো আমাৰ মাজৰে একাংশই কভিড প্ৰট’কল প্ৰায়েই ভংগ কৰা দেখা যায়৷ এনে চাম লোকে বজাৰ-সমাৰত কোনো সামাজিক দূৰত্ব নামানি, মুখত সম্পূৰ্ণ মাস্ক নিপিন্ধাকৈ কভিড-১৯ক আমন্ত্ৰণ জনোৱাত উল্লেখনীয় ভূমিকা লৈছে৷ এনে ভয়াৱহ তথা  দুৰ্যোগপূৰ্ণ পৰিস্থিতিত আমি অধিক সজাগ আৰু সাৱধান হোৱা অতিকে দৰকাৰ৷ অতিকমেও দুমাহমানলৈ সাৱধানতা অৱলম্বন কৰা, লাগতিয়াল কাম নাথাকিলে ঘৰৰ ভিতৰতে থকা, মাস্ক পিন্ধা, সামাজিক দূৰত্ব মানি চলা, সুষম আহাৰ গ্ৰহণ কৰা, মনটো সদায় প্ৰফুল্লিত কৰি ৰখা, সদায় ভিটামিনযুক্ত খাদ্য খাদ্য-তালিকাত ৰখা আদি কামবোৰ সুচাৰুৰূপে কৰিলে, তেতিয়াহে আমি কৰ’নাৰ পৰা মুক্তি লাভ কৰিব পাৰিম৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here