কৰ’না ৰোগীৰ বাবে সুখবৰ : চিৰাং আহি পালে অক্সিজেন প্লাণ্ট

0
1901


সমগ্ৰ দেশজুৰি কৰ’না ভাইৰাছৰ সংক্ৰমণক লৈ আতংকময় পৰিস্থিতিয়ে বিৰাজ কৰিছে৷ কৰ’না ভাইৰাছত আক্ৰান্তসকলক চিকিৎসাৰ বাবে হাস্পতালত বিছনাৰ নাটনি, অক্সিজেনৰ অভাৱৰ বাবে বহুতো কৰ’না ৰোগীয়ে চিকিৎসা অবিহনে মৃত্যুক আঁকোৱালি ল’বলগীয়া হৈছে৷ কিছুদিন আগতে খোদ দেশৰ ৰাজধানী দিল্লীতে এনেদৰে হাজাৰ হাজাৰ কৰ’না ৰোগীৰ একমাত্ৰ অক্সিজেনৰ অভাৱৰ বাবে চিকিৎসালয়ত মৃত্যু হৈছিল৷ এনে সংকটকালতে ৰাজ্যৰ চিৰাংবাসীৰ বাবে এক সুখবৰ৷ কিয়নো, অক্সিজেনৰ অভাৱ পূৰাবলৈ সুদূৰ ব্ৰিটেইনৰ পৰা চিৰাঙলৈ আহি পালে অক্সিজেন জেনেৰেটৰ প্লাণ্ট৷ চিৰাং জিলাৰ সদৰ কাজলগাঁওস্থিত জে এছ বি অসামৰিক চিকিৎসালয়ত স্থাপন কৰা হয় এই অক্সিজেন জেনেৰেটৰ প্লাণ্টটো৷ অত্যাধুনিক প্ৰযুক্তিৰে নিৰ্মিত এই প্লাণ্টটো ভাৰত চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰ্যালয়ে চিৰাং জিলা প্ৰশাসন আৰু স্বাস্থ্য বিভাগৰ হাতত হস্তগত কৰে৷ উল্লেখ্য যে উক্ত অক্সিজেন উৎপাদনকাৰী প্লাণ্টটোত প্ৰতি মিনিটত ৫০০ লিটাৰ অক্সিজেন উৎপাদন কৰিব পৰা যাব বুলি জানিব পৰা গৈছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here