কৰ’না-সন্ত্ৰাস : স্পেইনত পুনৰ জৰুৰীকালীন অৱস্থা

0
2431

বিশ্বত কৰ’না ভাইৰাছৰ সংক্ৰমণৰ হাৰ কিছু কমিছে যদিও কৰ’না ভাইৰাছৰ দ্বিতীয়টো ঢৌ ইউৰোপ মহাদেশৰ কেইবাখনো দেশৰ লগতে স্পেইনতো আৰম্ভ হৈছে। ইয়াৰ বাবে স্পেইনে জৰুৰী অৱস্থা ঘোষণা কৰিছে৷ কেনেৰি আইলেণ্ডছৰ বাদে সমগ্ৰ দেশখনত কাৰ্ফিউ জাৰি কৰা হৈছে৷ স্পেইনৰ প্ৰধানমন্ত্ৰী পেড্ৰো ছানছেজে কয় যে নতুন জৰুৰী অৱস্থা মে’ৰ আগভাগলৈকে বলৱৎ হৈ থাকিব৷ যোৱা ২৬ অক্টোবৰত এখন কেবিনেট বৈঠকত এই ব্যৱস্থাত অনুমোদন জনোৱা হয়৷ সেই অনুসৰি নিশা ৯ বজাৰ পৰা পুৱা ৬ বজালৈ কাৰ্ফিউ বলৱৎ থাকিব৷ এই জৰুৰী অৱস্থা প্ৰথমে মাত্ৰ ১৫ দিনৰ বাবে চলিব যদিও চৰকাৰে ছমাহলৈ বঢ়োৱাৰ বাবে সংসদৰ অনুমতি বিচাৰিব। স্পেইনত প্ৰথমতে ১৫ মাৰ্চৰ পৰা ২১ জুনলৈ জৰুৰী অৱস্থা ঘোষণা কৰা হৈছিল৷ স্পেইনত নতুনকৈ সংক্ৰমিত লোকৰ সংখ্যা দৈনিক গড়ে প্ৰায় ২০ হাজাৰ হৈছে৷ দেশখনত কৰ’না ভাইৰাছত ইতিমধ্যে প্ৰায় ৬৬ হাজাৰ লোকৰ মৃত্যু হৈছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here