কৰ’না সংক্ৰমণত ভাৰতৰ সৰ্বকালৰ বিশ্ব অভিলেখ : যোৱা ২৪ ঘণ্টাত ৩ লাখ ১৪ হাজাৰ ৮৩৫জন লোক কৰ’নাত আক্ৰান্ত

0
812

ভাৰতত কৰ’নাৰ সংক্ৰমণে যোৱা ২২ এপ্ৰিলত সৰ্বকালৰ সকলো অভিলেখ ভংগ কৰে আৰু ভাৰতে নতুন অভিলেখৰ সৃষ্টি কৰে৷ কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰ্যালয়ে ২২ এপ্ৰিলৰ পুৱা ৮ বজাত দিয়া তথ্য অনুসৰি ২১ এপ্ৰিলত দেশত ৩ লাখ ১৪ হাজাৰ ৮৩৫জন লোক নতুনকৈ কৰ’নাত আক্ৰান্ত হৈছে৷ ইয়াকে ধৰি দেশত কৰ’নাত আক্ৰান্ত হোৱা মুঠ লোকৰ সংখ্যা ১,৫৯,৩০,৯৬৫লৈ বৃদ্ধি পায়৷ আনহাতে ২১ এপ্ৰিলত দেশত এই ৰোগত আক্ৰান্ত হৈ ২১০৪জন লোকৰ মৃত্যু হয়৷ দেশত কৰ’নাত আক্ৰান্ত হৈ এইপৰ্যন্ত ১,৮৪,৬৫৭জন লোকৰ মৃত্যু হৈছে৷ উল্লেখ্য যে কোনো এখন দেশত এদিনত সংক্ৰমণ হোৱাৰ অভিলেখ ভাৰতে ভংগ কৰিছে৷ ইয়াৰ আগতে আমেৰিকাত যোৱা ৮ জানুৱাৰীত এদিনত সৰ্বাধিক ৩.০৭ লাখ লোকৰ সংক্ৰমণ হৈছিল৷ আনহাতে যোৱা ২৪ ঘণ্টাত দেশত ১.৭৯ লাখ লোকে আৰোগ্য লাভ কৰিছে৷ ভাৰতত আটাইতকৈ উদ্বেগৰ সৃষ্টি কৰিছে ১২খন ৰাজ্যই৷ এই ৰাজ্যকেইখনৰ ভিতৰত মহাৰাষ্ট্ৰত ২১ এপ্ৰিলত ৬৭,৪৬৮, উত্তৰ প্ৰদেশত ৩৩,১০৬, দিল্লীত ২৪,৬৩৮, কৰ্ণাটকত ২৩,৫৫৮, কেৰালাত ২২,৪১৪, ৰাজস্থানত ১৪,৬২২জন লোক আক্ৰান্ত হৈছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here