কৰ’না মহামাৰী শেষ হোৱা বুলি ভাৰতে ভুল অনুমান কৰিছিল : ডাঃ এন্থনী ফাউচি

0
771
মাৰ্কিন ৰাষ্ট্ৰপতিৰ মুখ্য চিকিৎসা উপদেষ্টা, বিশেষজ্ঞ চিকিৎসক ডাঃ এন্থনী ফাউচিয়ে কয় যে ভাৰতত কৰ’নাৰ সংক্ৰমণ শেষ হোৱা বুলি ভাৰত চৰকাৰে সকলো খুলি দি লোৱা ভুল সিদ্ধান্তৰ বাবে আজি দেশখনৰ জনগণে ভয়ংকৰ পৰিস্থিতিৰ সন্মুখীন হ’বলগীয়া হৈছে৷ তেওঁ কয় যে কভিড-১৯ মহামাৰী শেষ হোৱা বুলি ভাৰতে ‘ভুল অনুমান’ কৰিছিল আৰু প্ৰয়োজনতকৈ বহুত আগতেই সকলো খুলি দিছিল৷ তাৰ কাৰণে এতিয়া দেশখন গুৰুতৰ সমস্যাত পৰিছে৷ কভিড-১৯ সন্দৰ্ভত আমেৰিকাৰ ছিনেটৰ এখন সমিতিক উদ্দেশ্যি দিয়া ভাষণত ডাঃ ফাউচিয়ে কয় যে এতিয়া ভাৰত ইমান গুৰুতৰ সমস্যাত পৰাৰ কাৰণ হ’ল যে দেশখনৰ চৰকাৰে প্ৰথমটো ঢৌ কমা বুলি ভুল ধাৰণা কৰিছিল আৰু আগতীয়াকৈ সকলো খুলি দিলে। ফলত এতিয়া সংক্ৰমণ আকৌ দ্ৰুত গতিত বাঢ়িছে আৰু আমি সকলোৱে ভালকৈ জানো যে এই দ্বিতীয়টো ঢৌ অত্যন্ত বিধ্বংসী৷ ফাউচিয়ে লগতে কয় যে আমি এই শিক্ষা ল’ব লাগে যে পৰিস্থিতিৰ ভয়াৱহতাক কেতিয়াও উলাই কৰিব নালাগে৷ আনহাতে মহামাৰী ৰোধৰ বাবে বিশ্বজোৰা প্ৰচেষ্টাৰ প্ৰয়োজনীয়তাৰ কথাও তেওঁ লগতে উল্লেখ কৰে৷ উল্লেখ্য যে ফাউচি ইউনাইটেড ষ্টেট্‌ছ নেশ্যনেল ইন্‌ষ্টিটিউট অব্‌ এলাৰ্জি এণ্ড ইনফেক্‌চাছ ডিজিজেছ চমুকৈ এন আই এ আই ডিৰ সঞ্চালক৷ উল্লেখৰ নিষ্প্ৰয়োজন যে ইতিমধ্যে ভাৰতত কভিড-১৯ৰ অভূতপূৰ্ব দ্বিতীয়টো ঢৌৱে বিভীষিকাৰ সৃষ্টি কৰি হাজাৰ হাজাৰ লোকৰ প্ৰাণ কাঢ়ি নিছে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here