কৰ’না ভেকচিনৰ বিষয়ে নজনা কথা

0
1417

কোনোৱে যদি অইন ৰোগৰ ভেকচিন ইতিমধ্যে লৈছে, তেওঁলোকে ১৪ দিনৰ পাছতহে কৰ’নাৰ ভেকচিন ল’ব পাৰিব৷

বৰ্তমান সময়ত কৰ’না মহামাৰীয়ে সৰ্বত্ৰে ত্ৰাসৰ সৃষ্টি কৰিছে৷ তাৰ সমান্তৰালভাৱে ভাৰত চৰকাৰৰ কৰ’না ভেকচিন প্ৰদান কৰাৰ প্ৰক্ৰিয়াও অব্যাহত আছে৷ এচামৰ মনত এটা ভ্ৰান্ত ধাৰণা আছে যে কৰ’না ভেকচিন লোৱাৰ ফলত কিছুমান পাশ্বৰ্ক্ৰিয়াৰ সৃষ্টি হয়, ভেক্‌চিন লোৱাৰ পাছত শৰীৰত বিভিন্ন উপসৰ্গই দেখা দিয়ে আদি৷ কিন্তু সঁচা কথাটো হ’ল এইবোৰ কথালৈ আপুনি মুঠেও মন নিদিব৷ কৰ’না ভাইৰাছৰ পৰা বচাৰ একমাত্ৰ উপায়টোৱেই হ’ব কৰ’নাৰ প্ৰতিষেধক লোৱা৷ অৱশ্যে বিজ্ঞানীসকলে ভেকচিন লোৱাৰ পূৰ্বে কিছুমান কথা জানিবলৈ পৰামৰ্শ আগবঢ়াইছে৷ দেশত প্ৰস্তুত কৰা কৰ’নাৰ ভেক্‌চিন মেগনেচিয়াম ক্ল’ৰাইড হেক্সাহাইড্ৰেট, এল হিষ্টিডাইন, ইথানল, পলি চৰবেট ৮০, চুক্ৰ’জ, ছ’ডিয়াম ক্ল’ৰাইড, ডাই ছ’ডিয়াম ইডিটেড ডি হাইড্ৰেট আৰু ৱাটাৰ ফৰ ইনজেক্‌শ্যন আদি উপাদান থাকে৷ কোনে কোনে কৰ’নাৰ ভেকচিন ল’ব পাৰিব– সেই বিষয়ে বিশেষজ্ঞসকলে পৰামৰ্শ আগবঢ়াইছে৷ ১৮ বছৰৰ ওপৰৰ সকলো লোকে ভেকচিন ল’ব পাৰিব৷ হৃদৰোগত আক্ৰান্ত, কিডনীত আক্ৰান্ত লোক, মধুমেহ ৰোগী, উচ্ছ ৰক্তচাপজনিত ৰোগত ভোগা, এজমা ৰোগী, গৰ্ভৱতী মহিলা আদি সকলোৱে কৰ’না ভেকচিন ল’ব পাৰিব৷ ভেকচিন লোৱাৰ ফলত কোনো পাশ্বৰ্ক্ৰিয়াৰ সম্ভাৱনা নাই৷ অৱশ্যে কিছুমানৰ ক্ষেত্ৰত কৰ’নাৰ ভেকচিন লোৱাত বাধা প্ৰদান কৰিছে বিশেষজ্ঞসকলে৷ নিৰ্দিষ্ট কিছুমান এলাৰ্জিৰ সমস্যাত ভোগা লোকসকল, অত্যধিক শাৰীৰিকভাৱে দুৰ্বল আৰু কোনোৱে যদি অইন ৰোগৰ ভেকচিন ইতিমধ্যে লৈছে, তেওঁলোকে ১৪ দিনৰ পাছতহে কৰ’নাৰ ভেকচিন ল’ব পাৰিব৷ গতিকে সকলোলৈকে আহবান– কৰ’না ভেকচিন ল’বলৈ আগবাঢ়ি আহক আৰু দেশ কৰ’নামুক্ত কৰক৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here