কৰ’না ভাইৰাছ : যোৱা ২৪ ঘণ্টাত দেশত নতুনকৈ ৫৩,৪৭৬জনলৈ সংক্ৰমণ

0
2515

ভাৰতত কৰ’না ভাইৰাছৰ সংক্ৰমণ দৈনিক দ্ৰুত গতিত বৃদ্ধি পাইছে৷ মাত্ৰ দুদিনত দেশখনত এক লাখৰো অধিক লোকৰ নতুনকৈ এই ভাইৰাছৰ সংক্ৰমণ হয়৷ তাৰ ভিতৰত যোৱা ২৪ ঘণ্টাত নতুনকৈ সংক্ৰমণ হয় ৫৩,৪৭৬জন লোকৰ৷ এই বছৰ এয়ে এদিনত সৰ্বোচ্ছ বৃদ্ধি৷ ইয়াকে ধৰি দেশখনত কভিড-১৯ত আক্ৰান্ত লোকৰ সংখ্যা ১ কোটি ১৭ লাখ ৮৭ হাজাৰ ৫৩৪লৈ বৃদ্ধি পালে৷ কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰ্যালয়ে এই কথা প্ৰকাশ কৰে৷ একেলেথাৰিয়ে ১৫ দিনৰ বাবে সক্ৰিয় ৰোগীৰ সংখ্যা বৃদ্ধি পায় আৰু বৰ্তমান সক্ৰিয় ৰোগীৰ সংখ্যা ৩ লাখ ৯৫ হাজাৰ ১৯২৷ মুঠ সংক্ৰমিত লোকৰ ৩.৩৫%৷ আনহাতে আৰোগ্যৰ হাৰ অধিক তললৈ নামি ৯৫.২৮% হৈছে৷ দৈনিক সংক্ৰমণ বৃদ্ধি কালি ১৫৩ দিনৰ ভিতৰত সৰ্বাধিক আছিল৷ কালি ২৫১জন ৰোগীৰ মৃত্যু হয় আৰু ইয়াকে ধৰি মৃত্যু হোৱা লোকৰ সংখ্যা ১ লাখ ৬০ হাজাৰ ৬৯২লৈ বৃদ্ধি পালে৷ ইয়াৰ আগতে ২৩ অক্টোবৰত ২৪ ঘণ্টাত সংক্ৰমণ হৈছিল ৫৪,৩৬৬জনৰ৷ কভিড-১৯ৰ পৰা আৰোগ্য লাভ কৰা লোকৰ সংখ্যা কালিলৈকে ১ কোটি ১২ লাখ ৩১ হাজাৰ ৬৫০৷ মৃত্যুৰ হাৰ অৱশ্যে ১.৩৬ শতাংশলৈ কমিছে৷ যোৱা ২৪ ঘণ্টাত দেশত যিসকলৰ নতুনকৈ সংক্ৰমণ হয়, সেইসকলৰ প্ৰায় ৮১% লোক মহাৰাষ্ট্ৰ, পঞ্জাব, কেৰালা, কৰ্ণাটক, ছট্টিশগড় আৰু গুজৰাট এই ছখন ৰাজ্যৰ৷ যোৱা ২৪ ঘণ্টাত মহাৰাষ্ট্ৰত সৰ্বাধিক ৩১,৮৫৫জন লোকৰ সংক্ৰমণ হয়৷ ৰাজ্যখনত মহামাৰীত ৫৩ হাজাৰ লোকৰ মৃত্যু হৈছে৷ ভাৰতৰ বিত্তীয় ৰাজধানী মুম্বাইত ২৪ ঘণ্টাত নতুনকৈ আক্ৰান্ত হয় ৫,১৮৫জন লোক৷ মহানগৰখনত এদিনত এয়ে সৰ্বাধিক সংক্ৰমণ৷ স্বাস্থ্য মন্ত্ৰ্যালয়ে কয় যে দিল্লী, তামিলনাডু, ছট্টিশগড়, কৰ্ণাটক, হাৰিয়ানা, ৰাজস্থান, মহাৰাষ্ট্ৰ, গুজৰাট, পঞ্জাব আৰু মধ্য প্ৰদেশত সংক্ৰমণ দৈনিক ঊধ্বৰ্গামী হৈছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here