কৰ’না ভাইৰাছক প্ৰতিহত কৰিবলৈ দৈনিক গ্ৰহণ কৰক এই ১০বিধ বিশেষ আহাৰ

0
937

কৰ’না ভাইৰাছৰ বিৰুদ্ধে যুঁজিবলৈ আপুনি শাৰীৰিক আৰু মানসিকভাৱে সুস্থ হ’ব‌ই লাগিব। পুষ্টিকৰ তথা কেতবোৰ বিশেষ আহাৰে কৰ’নাৰ বিৰুদ্ধে কৰা এই যুঁজখনত জয়ী হ’বলৈ আপোনাক সহায় কৰিব পাৰে। দৈনিক গ্ৰহণ কৰক এই ১০ বিধ বিশেষ আহাৰ-


১) পুৱা খালী পেটত এচামুচ কেঁচা হালধিৰ ৰস একাপ পানীৰ সৈতে মিহলাই খাওক।

Turmeric Juice

২) ৰাতিপুৱা এচামুচ এল’ভেৰাৰ ৰস অথবা এচামুচ আমলখিৰ ৰস এগিলাচ পানীৰ সৈতে মিহলাই সেৱন কৰক।

Amla: Benefits, Uses For Hair and Health Conditions | Netmeds

৩) দিনটোত দুই-তিনিকাপ আদা আৰু জালুক দিয়া চাহ সেৱন কৰক। যদি সুবিধা হয় সেই চাহত ইলাছি আৰু দালচেনিও পেলাই ল’ব পাৰে।

Sip Fresh Ginger Tea to Relax and Reap Amazing Health Benefits

৪) পুৱাৰ ভাগত এটা বা দুটা কেঁচা নিমপাত চোবাই খাওক।

Fatty liver or kidney problems - Treat it with neem leaves - YouTube

৫) দিনটোৰ যিকোনো এটা সময়ত তিনি-চাৰিটা কেঁচা তুলসী পাত চোবাই খাওক।

10 health benefits of tulsi or holy basil | TheHealthSite.com

৬) নৰসিংহৰ পাত দাইল অথবা ভাজিত পেলাই খোৱাৰ অভ্যাস কৰক।

What are Curry Leaves? | South Indian Dhal Recipe | Chef Heidi Fink

৭) যদি সম্ভৱ হয় দিনটোত এটা দাব নাৰিকলৰ পানী খাওক।

6 Diabetes Benefits Of Drinking Coconut Water - The Wellthy Magazine

৮) C-ভিটামিনযুক্ত ফল যেনে নেমু, মৌচম্বি, কমলা টেঙা আমলখি আদি সেৱন কৰক।

BENEFITS OF EATING LEMON | Morning Tea


৯) বিশুদ্ধ পানী খোৱাৰ অভ্যাস কৰক। পানীখিনি সামান্য গৰম কৰি ল’লে ভাল। সহ্য কৰিব পৰাকৈ এগিলাচ গৰম পানী পুৱাই খোৱা উচিত। ৰাতি শুবৰ সময়ত খোৱা পানীখিনিও গৰম পানী হ’লে ভাল।

benefits of drinking warm water in the morning - Technical Gujarati


১০) যদি সম্ভৱ হয় দিনটোত আম, আপেল, মধুৰিআম বা তেনে কোনো ফল খোৱাৰ অভ্যাস কৰক।

Does Eating Fruits and Veggies Mean Better Mental Health? | Psychology Today

ইয়াৰ লগতে আৰু এটা কথা যোগ দিয়াটো বিশেষ দৰকাৰ– সেয়া হৈছে এটা শক্তিশালী মনৰ সাধনা কৰা। শক্তিশালী মন এটাৰ অবিহনে কোনো লোকেই জীৱনৰ লক্ষ্যত উপনীত হ’ব নোৱাৰে। কৰ’নাৰ বিৰুদ্ধে যুঁজিবলৈও আপোনাক দৰকাৰ এটা শক্তিশালী মনৰ। জনাথন চুইফটে কৈছিল– পৃথিৱীৰ শ্ৰেষ্ঠ চিকিৎসকসকল হ’ল– চিকিৎসক আহাৰ, চিকিৎসক বিশ্ৰাম আৰু চিকিৎসক প্ৰফুল্লতা। আনন্দ-ফূৰ্তি তথা মনোৰঞ্জনেৰে মনটোক সজীৱ কৰি ৰাখিবলৈ চেষ্টা কৰক। এই স্ফূৰ্তিয়ে আপোনাৰ মনটোক শক্তিশালী কৰি ৰাখিবলৈ সহায় কৰিব। গভীৰ প্ৰত্যাশাৰে ভাবক যে এই পৃথিৱীত আপুনি জীয়াই থাকিব লাখিব। এই বসুন্ধৰাত আপোনাৰ এতিয়া কৰিবলগীয়া আছে অনেক সুন্দৰ সুন্দৰ কাম। যদি আপোনাৰ আশা পবিত্ৰ আৰু গভীৰ, তেন্তে সেই আশাৰ মৃত্যু নাই। এষাৰ কথা আছে– আশাৰ ওচৰত ভাগ্য‌ও পৰাজিত হয়।

LEAVE A REPLY

Please enter your comment!
Please enter your name here