কৰ’না কালত সমস্যাৰ সন্মুখীন হোৱা পৰিয়াললৈ সাহায্য কেজৰিৱাল চৰকাৰৰ

0
1823

কভিডত নিহত প্ৰতিটো পৰিয়ালক ৫০ হাজাৰ টকাৰ সাহায্য প্ৰদান কৰা হ’ব লগতে মৃত ব্যক্তিজন যদি পৰিয়ালৰ উপাৰ্জনকাৰী হয়, তেন্তে পৰিয়ালটোৱে মাহে লাভ কৰিব ২৫০০ টকাৰ পেঞ্চন৷

সমগ্ৰ দেশ এতিয়া কৰ’নাৰ কৰাল গ্ৰাসত৷ কভিড-১৯ৰ দ্বিতীয়টো ঢৌৱে বিভীষিকাৰ সৃষ্টি কৰা দিল্লীৰ অৱস্থা সামান্য উন্নত হৈছে যদিও বিগত দিনবোৰত ই দেশৰ জনগণক ত্ৰাহি মধুসূদন সোঁৱৰাইছে৷ শেহতীয়াকৈ দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে কভিড পৰিস্থিতি সন্দৰ্ভত কৰ’না কালত সমস্যাৰ সন্মুখীন হোৱা পৰিয়াললৈ সাহায্য আগবঢ়োৱাৰ কথা ঘোষণা কৰিছে আৰু ইয়েই বৰ্তমান ৰাজ্যখনৰ প্ৰতিটো পৰিয়ালৰ মাজলৈ আশাৰ সঞ্চাৰ কঢ়িয়াই আনিছে৷ তেওঁ ঘোষণা কৰে যে কভিডত নিহত প্ৰতিটো পৰিয়ালক ৫০ হাজাৰ টকাৰ সাহায্য প্ৰদান কৰা হ’ব লগতে মৃত ব্যক্তিজন যদি পৰিয়ালৰ উপাৰ্জনকাৰী হয়, তেন্তে পৰিয়ালটোৱে মাহে লাভ কৰিব ২৫০০ টকাৰ পেঞ্চন৷ আনহাতে কভিডৰ ফলত অনাথ হোৱা শিশুসকলক ২৫ বছৰলৈ মাহে ২৫০০ টকাৰ সাহায্য আগবঢ়োৱাৰ লগতে তেওঁলোকক বিনামূলীয়া শিক্ষা প্ৰদান কৰা হ’ব বুলিও জনায় দিল্লী চৰকাৰে৷ মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে কয় যে দিল্লীৰ ৭২ লাখ ৰেছন কাৰ্ড থকা পৰিয়ালক ১০ কেজি ৰেছন বিনামূলীয়াকৈ প্ৰদান কৰা হ’ব৷ ইয়াৰে কেন্দ্ৰীয় চৰকাৰে ৫ কেজি আৰু দিল্লী চৰকাৰে ৫ কেজি ৰেছন আগবঢ়াব৷ ইয়াৰ বাহিৰেও ৰেছন কাৰ্ড নথকা দৰিদ্ৰ পৰিয়ালকো প্ৰদান কৰা হ’ব বিনামূলীয়া ৰেছন আৰু ইয়াৰ বাবে তেওঁলোকে কোনো ধৰণৰ প্ৰ-পত্ৰ জমা দিয়াৰ প্ৰয়োজন নাই৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here