কৰ’নাৰ সংক্ৰমণে লৈছে মহামাৰীৰ ৰূপ

0
1284

ৰাজ্যত কৰ’নাৰ সংক্ৰমণে ক্ৰমাৎ মহামাৰীৰ ৰূপ ধাৰণ কৰাৰ দিশে অগ্ৰসৰ হৈছে৷ জিলাই জিলাই সংক্ৰমণে ভয়াৱহ ৰূপ ধাৰণ কৰিছে৷ উল্লেখ্য যে ৰাজ্যত সম্প্ৰতি দৈনিক তিনি সহস্ৰাধিক লোক কৰ’নাত আক্ৰান্ত হ’বলৈ ধৰিছে৷ ইফালে ৰাজ্যত এইপৰ্যন্ত কৰ’নাৰ দ্বিতীয়টো ঢৌত ৮৭জন লোক মৃত্যুমুখত পৰিছে৷ কামৰূপ মহানগৰ জিলাত যোৱা দহ দিনত সৰ্বাধিক ৮ সহস্ৰাধিক লোক আক্ৰান্ত হৈছে৷ ডিব্ৰুগড় আৰু কামৰূপ গ্ৰাম্য জিলাতো ইতিমধ্যে আক্ৰান্তৰ সংখ্যা হাজাৰৰ ঘৰ অতিক্ৰম কৰিছে৷ আনহাতে যোৱা ২৮ এপ্ৰিলত ৰাজ্যত মুঠ ৩০৪৫জন লোক নতুনকৈ কৰ’নাত আক্ৰান্ত হৈছে৷ কেৱল কামৰূপ মহানগৰ জিলাতে ১২০৬জন লোক আক্ৰান্ত হয়৷ যোৱা ২৮ এপ্ৰিলত ৰাজ্যৰ বিভিন্ন স্থানত মুঠ ২২জন লোক কৰ’নাত আক্ৰান্ত হৈ মৃত্যুমুখত পৰে৷ লক্ষণীয়ভাৱে ৰাজ্যত পজিটিভিটি হাৰ ক্ৰমাৎ বৃদ্ধি পাবলৈ ধৰিছে৷ যোৱা ২৮ এপ্ৰিলত  পজিটিভিটি হাৰ ৫.৪৯ শতাংশ স্পৰ্শ কৰে৷ আনহাতে শোণিতপুৰ জিলাত যোৱা ২৭ এপ্ৰিলত দিনটোলৈকে ৬২৮জনৰ শৰীৰত কভিড-১৯ পজিটিভ ধৰা পৰাৰ লগতে যোৱা ২৮ এপ্ৰিলত চাৰিজন লোকৰ কৰ’নাত মৃত্যু হয়৷ ঢেকীয়াজুলি নিবাসী ৬৯ বছৰীয়া কামিনী পাঠক নামৰ এগৰাকী মহিলাৰ তেজপুৰ চিকিৎসা মহাবিদ্যালয় হস্পিটেলত মৃত্যু হোৱাৰ পাছত যোৱা ২৮ এপ্ৰিলত একেখন চিকিৎসা মহাবিদ্যালয় হস্পিটেলতে তেজপুৰৰ হজৰাপাৰ নিবাসী হীৰেন বৰা (৭৭) নামৰ ব্যক্তি এজনৰ মৃত্যু হয়৷ বৰপেটা চিকিৎসা মহাবিদ্যালয় হস্পিটেলত যোৱা ২৮ এপ্ৰিলত পুনৰ দুজন কভিডত আক্ৰান্তৰ মৃত্যু হয়৷ মৃত লোক দুজন বৰপেটা চহৰৰ নিকটৱৰ্তী ভেল্লাৰ স্বাস্থ্য বিভাগৰ অৱসৰপ্ৰাপ্ত কৰ্মচাৰী তাজৰ ৰহমান আৰু সৰুক্ষেত্ৰী অঞ্চলৰ ৰাউলীৰ জ্যোতিষ নাথ (৪৮)৷ ইয়াকে ধৰি জিলাখনত মৃত্যু হোৱা কভিড আক্ৰান্ত ৰোগীৰ সংখ্যা ৯লৈ বৃদ্ধি পালে৷ ধুবুৰী চহৰৰ ১২নং ৱাৰ্ডৰ সুবোধ চন্দ্ৰ ৰায় (৭০) আৰু গৌৰীপুৰৰ ২নং ৱাৰ্ডত বদিউজ জামান সৰকাৰ (৬৯) নামৰ ব্যক্তি দুজনৰ কভিড-১৯ত মৃত্যু হয়৷ এতিয়ালৈকে ধুবুৰীত কভিডত মৃত্যু হোৱা লোকৰ সংখ্যা চাৰিজনলৈ বৃদ্ধি পালে৷ যোৰহাট জিলাত যোৱা ২৪ ঘণ্টাত নতুনকৈ আক্ৰান্ত হৈছে ৭২জনকৈ লোক৷ ইয়াৰে ৬১জন ৰেপিড টেষ্ট আৰু ১১জন আৰ টি পি চি আৰৰ দ্বাৰা চিনাক্ত হৈছে৷ জিলাখনত মৃত্যুৰ সংখ্যা ৭৬লৈ বৃদ্ধি পাইছে৷ দৰঙত নতুনকৈ ৯৪জন লোকৰ শৰীৰত ধৰা পৰে কভিড-১৯ৰ অৱস্থিতি৷ যোৱা ২৮ এপ্ৰিলত নগাঁও জিলাত ১২৯জন লোকৰ দেহত কভিড-১৯ পজিটিভৰ অৱস্থিতি ধৰা পৰে৷ আনহাতে যোৱা ২৮ এপ্ৰিলত এজন কৰ’না ৰোগীৰ মৃত্যু হয়৷ ইয়াকে লৈ জিলাখনত কৰ’নাত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা দুজনলৈ বৃদ্ধি পায়৷ যোৱা ২৮ এপ্ৰিলত বিহালীত দুজনৰ দেহত কৰ’না ধৰা পৰে৷ মুঠ দুজনৰ সৈতে বিহালীত ২৪জনলৈ কৰ’না ৰোগী বৃদ্ধি পালে৷ কোকৰাঝাৰ জিলাত সক্ৰিয় কৰ’না ৰোগীৰ সংখ্যা ১৮৭লৈ বৃদ্ধি পোৱা বুলি স্বাস্থ্য বিভাগৰ সূত্ৰত জনা গৈছে৷ যোৱা ২৮ এপ্ৰিলত নতুনকৈ ৪৪জন লোক কৰ’নাত আক্ৰান্ত হোৱাৰ তথ্য আহিছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here