কৰ’নাৰ পৰা বাচিবলৈ নাকেৰে ভাপ লোৱাটো কিমান ফলপ্ৰসূ?

0
1407

যিসকল লোকে ঘৰতে থাকে, তেওঁলোকে দিনত এবাৰ, বজাৰলৈ যোৱাসকলে দুবাৰ আৰু অফিচলৈ যোৱা লোকসকলে দিনত তিনিবাৰকৈ নাকত গৰম পানীৰ ভাপ লোৱা উচিত৷

কৰ’নাৰ দ্ৰুত সংক্ৰমণৰ পৰিপ্ৰেক্ষিতত এতিয়া দিনক দিনে কভিডৰ নতুন নতুন ৰূপসমূহ পোহৰলৈ আহিবলৈ ধৰিছে৷ এই নতুন ৰূপসমূহৰ লগতে ইয়াৰ লক্ষণসমূহৰো পৰিৱৰ্তন হৈছে৷ আনকি কিছুমান অঞ্চলত লক্ষণবিহীন লোকৰ শৰীৰতো কৰ’না ধৰা পৰাৰ কথা জানিব পৰা গৈছে৷ শেহতীয়াকৈ মাদুৰাইৰ এগৰাকী চিকিৎসক ডাঃ এন এন কান্নাপনে কভিডৰ দ্বিতীয় ঢৌৰ প্ৰসংগত জনসাধাৰণক সজাগ কৰাৰ অৰ্থে কয় যে এইবাৰৰ কৰ’না ভাইৰাছে নাকেৰে প্ৰৱেশ কৰি নাকৰ পেৰানেজেল চাইনাছ অংশত তিনিৰ পৰা চাৰিদিন লুকাই থাকে আৰু চতুৰ্থদিনা ই হাঁওফাঁওত আক্ৰমণ কৰে৷ যাৰ ফলত আক্ৰান্ত ৰোগীৰ শ্বাস-প্ৰশ্বাসত অসুবিধাৰ সৃষ্টি হয়৷ এই সময়ছোৱাত ডাঃ কান্নাপনে নাকেৰে গৰম পানীৰ ভাপ ল’বলৈ দিছে৷ কিয়নো অকল গৰম পানীৰ ভাপহে নাকৰ পেৰানেজেল চাইনাচলৈ সোমাই যাব পাৰে৷ যিহেতু আমি গৰম পানী খালে আমাৰ নাকৰ পেৰানেজেল অংশত গৰম পানী সোমাই যাব নোৱাৰে, সেয়েহে তেওঁ গৰম পানীৰ ভাপ নাকেৰে লোৱাৰ পৰামৰ্শ আগবঢ়াইছে৷ এই ক্ষেত্ৰত তেওঁ কৈছে যে যিসকল লোকে ঘৰতে থাকে, তেওঁলোকে দিনত এবাৰ, বজাৰলৈ যোৱাসকলে দুবাৰ আৰু অফিচলৈ যোৱা লোকসকলে দিনত তিনিবাৰকৈ নাকত গৰম পানীৰ ভাপ লোৱা উচিত৷
Steam Inhalation benefits| Check out the benefits of steam inhalation and know how to add medicinal value to it

পিছে এই গৰম পানীৰ ভাপ ল’ব কেনেকৈ? ই তেনেই সহজ৷ আপুনি ইচ্ছা কৰিলে অকল গৰম পানী উতলাই তাৰ ভাপ গ্ৰহণ কৰিব পাৰে নাইবা এই গৰম পানীৰ সৈতে কিছুমান ঔষধিযুক্ত সামগ্ৰী মিশ্ৰণ কৰিলে অধিক সুফল লাভ কৰিব পাৰিব৷ ইয়াৰ বাবে আপোনাক লাগিব তুলসী, হালধিৰ ৰস, পদিনা, আজৱাইন আৰু পানী৷ অলপ পানী গৰম কৰি এই আটাইবিধ সামগ্ৰী মিশ্ৰণ কৰি একেলগে ১০-২০ মিনিটমান উতলিবলৈ দিয়ক৷ গোটেইখিনি উতলা হোৱাৰ পাছত ইয়াৰ পৰা ওলোৱা গৰম ভাপ ১০ মিনিটমান নাকেৰে গ্ৰহণ কৰক৷ দিনত ২-৩ বাৰমান কৰিলে যথেষ্ট৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here