কৰ’নাৰ নামত জলাতংকৰ ভেক্‌চিন ক’ত প্ৰদান কৰা হৈছে?

0
1578

দৰাচলতে যোৱা ৯ এপ্ৰিলত স্বামলিৰ স্বাস্থ্য কেন্দ্ৰত তিনিগৰাকী মহিলা ক্ৰমে চৰোজ, আনাৰকলী আৰু সত্যবতীক স্বাস্থ্যকৰ্মীয়ে কভিডৰ পৰিৱৰ্তে প্ৰদান কৰে জলাতংকৰ ভেকচিন৷

নভেল কৰ’না ভাইৰাছৰ বিনামূলীয়া প্ৰতিষেধক প্ৰদান কৰি থকাৰ সময়তে উত্তৰ প্ৰদেশৰ এটা আশ্চৰ্যকৰ ঘটনাই ৰাজ্যখনত এক তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ এই ঘটনা সংঘটিত হৈছে উত্তৰ প্ৰদেশৰ স্বামলিৰ কান্ধোলা সামূদায়িক স্বাস্থ্য কেন্দ্ৰত৷ দৰাচলতে যোৱা ৯ এপ্ৰিলত স্বামলিৰ স্বাস্থ্য কেন্দ্ৰত তিনিগৰাকী মহিলা ক্ৰমে চৰোজ, আনাৰকলী আৰু সত্যবতীক স্বাস্থ্যকৰ্মীয়ে কভিডৰ পৰিৱৰ্তে প্ৰদান কৰে জলাতংকৰ ভেকচিন৷ এই ভেকচিন লোৱাৰ পাছতে এগৰাকী বয়োজ্যেষ্ঠ মহিলা তাতেই অসুস্থ হৈ পৰে আৰু ততালিকে অন্য এখন প্ৰাইভেট হাস্পাতাললৈ প্ৰেৰণ কৰা হয়৷ ইয়াৰ পাছতে আচল কথা পোহৰলৈ আহে৷ প্ৰাইভেট হাস্পাতালখনৰ চিকিৎসকে মহিলাগৰাকীক কভিড ভেকচিনৰ পৰিৱৰ্তে যে জলাতংকৰ ভেকচিন দিয়া হৈছে, সেই কথাটো পোহৰলৈ আনে আৰু ইয়াৰ ফলতে বৰ্তমান সমগ্ৰ ৰাজ্যখনতে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷ উল্লেখ্য যে স্বাস্থ্যকৰ্মীৰ গাফিলতিৰ বাবে এনেকুৱা এটা পৰিস্থিতিৰ সৃষ্টি হৈছে বুলি বিভিন্ন দল-সংগঠনে অভিযোগ উত্থাপন কৰিছে লগতে জিলা স্বাস্থ্য বিষয়াই এই ঘটনাৰ লগত জড়িত স্বাস্থ্যকৰ্মীসকলৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলিও জানিবলৈ দিয়ে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here