কৰ’নাৰ ত্ৰাসৰ মাজতে খাদ্যত বিষক্ৰিয়া– ক’ত?

0
1199

দৰাচলতে ছজনীয়া এই দলটোৰ মাজৰ এজনে হাবিৰ পৰা লৈ আহিছিল বিষাক্ত কাঠফুলা আৰু লগে-ভাগে এসাঁজ তৃপ্তিৰে খোৱাৰ পাছতে লাগিল আচল পয়মালটো৷

দেশজুৰি অব্যাহত আছে কৰ’না ভাইৰাছৰ সংহাৰী ৰূপ৷ কৰ’নাৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্যত জাৰি কৰা হৈছে আংশিক লকডাউন৷ কিন্তু কৰ’না সন্ত্ৰাসৰ মাজতে ৰাজ্যত ঘটে অন্য এক অঘটন৷ ৰাজ্যত পুনৰ খাদ্যত বিষক্ৰিয়া হৈ অসুস্থ হৈ পৰিছে কেইবাজনো লোক৷ এই ঘটনা সংঘটিত হৈছে লখিমপুৰৰ বঙালমৰাৰ মৰনৈ গাঁৱত৷  বিষাক্ত কাঠফুলা খাই মহিলাসহ ছগৰাকী লোকৰ অৱস্থা থিতাতে শোচনীয় হৈ পৰে৷ দৰাচলতে ছজনীয়া এই দলটোৰ মাজৰ এজনে হাবিৰ পৰা লৈ আহিছিল বিষাক্ত কাঠফুলা আৰু লগে-ভাগে এসাঁজ তৃপ্তিৰে খোৱাৰ পাছতে লাগিল আচল পয়মালটো৷ স্থানীয় লোকে জানিব দিয়া মতে, যোৱা ১৭ মে’ৰ বিয়লি তেওঁলোকে ভক্ষণ কৰিছিল এই বিষাক্ত কাঠফুলা৷ খোৱাৰ এঘণ্টা পাছতে তেওঁলোকৰ আৰম্ভ হয় বমি আৰু অসহ্য পেটৰ বিষ৷ লগে লগে আক্ৰান্ত ব্যক্তিসকলক বঙালমৰাৰ চিকিৎসালয়লৈ লৈ যায় যদিও কথা গুৰুতৰ দেখি বঙালমৰাৰ পৰা তেওঁলোকক লখিমপুৰৰ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়৷ সম্প্ৰতি এজনৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here