কৰ’নাৰ ঢৌত ৰাজ্যৰ অৱস্থা ক্ৰমাৎ শোচনীয়

0
1386

গুৱাহাটীত দৈনিক ১০০০জন লোক কৰ’নাত আক্ৰান্ত হ’লেই মহানগৰীৰ সকলো শিক্ষানুষ্ঠান বন্ধ ঘোষণা কৰা হ’ব বুলিও মন্ত্ৰীজনে সদৰী কৰে৷

ৰাজ্যত কৰ’নাসৃষ্ট পৰিস্থিতিয়ে অধিক ভয়াৱহ ৰূপ ধাৰণ কৰিছে৷ ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই কভিড পৰিস্থিতি সন্দৰ্ভত যোৱা ২১ এপ্ৰিলত এক জৰুৰী বৈঠকত মিলিত হয় আৰু ৰাজ্যত কৰ’না ৰোগীৰ চিকিৎসাৰ লগতে কভিড সংক্ৰমণ প্ৰতিৰোধৰ বাবে একাধিক বিশেষ পদক্ষেপ গ্ৰহণ কৰাৰ কথা ঘোষণা কৰে৷ আনকি কৰ’নাৰ সংক্ৰমণৰ বাবে প্ৰয়োজনত অসমত মেট্ৰিক আৰু উচ্ছতৰ মাধ্যমিক পৰীক্ষা বাতিল কৰাৰ দৰে সিদ্ধান্ত লোৱাৰ সম্ভাৱনাও প্ৰকাশ কৰে মন্ত্ৰীজনে৷ যোৱা ১০ দিনত ৰাজ্যত মুঠ ৭৭৭৫জন লোক কৰ’নাত আক্ৰান্ত হৈছে৷ লক্ষণীয় যে কামৰূপ মহানগৰ জিলাত এইপৰ্যন্ত সৰ্বাধিক লোক আক্ৰান্ত হৈছে৷ জিলাখনত যোৱা ২০ এপ্ৰিলপৰ্যন্ত মুঠ ৩২৬৭ লোক আক্ৰান্ত হৈছে৷ ডিব্ৰুগড় জিলাত ৫১৫, কামৰূপ গ্ৰাম্য জিলাত ৫০৭, শোণিতপুৰ জিলাত ৩০৯, নগাঁও জিলাত ৩০০, তিনিচুকীয়া জিলাত ২৪৫, যোৰহাট জিলাত ২২১, বৰপেটা জিলাত ১৮৭, কাছাৰ জিলাত ১৮৩, কাৰ্বি আংলং জিলাত ১৭৪, দৰং জিলাত ১৩২, গোলাঘাট জিলাত ১৩২, বঙাইগাঁও জিলাত ১৩০, হোজাই জিলাত ১৩০, কৰিমগঞ্জ জিলাত ১১৪, নলবাৰী জিলাত ১১৪জৃ আৰু শিৱসাগৰ জিলাত ১০৮জন লোক কৰ’নাত আক্ৰান্ত হৈছে৷ আনহাতে যোৱা ২১ এপ্ৰিলত ৰাজ্যত মুঠ ১৬৬৫ লোক নতুনকৈ কৰ’নাত আক্ৰান্ত হয় আৰু ইয়াৰে কামৰূপ মহানগৰ জিলাতে ৬৭৪জন লোক কৰ’নাত আক্ৰান্ত হয়৷ চৰকাৰে জি এম চি এইচত কৰ’না ৰোগীৰ চিকিৎসাৰ বাবে আই চি ইউৰ বিছনা ৮১খনলৈ বৃদ্ধি কৰাৰ সিদ্ধান্ত লৈছে৷ একেদৰে এম এম চি এইচত ২৪খনলৈ, কালাপাহাৰ কভিড হস্পিটেলত ৬৮খনলৈ আই চি ইউৰ বিছনা বৃদ্ধি কৰাৰ সিদ্ধান্ত লৈছে৷ চৰকাৰে গুৱাহাটীৰ প্ৰতিটো ৱাৰ্ডত এটাকৈ মুঠ ৬০টা কভিড স্ক্ৰীনিং চেণ্টাৰ স্থাপনৰ সিদ্ধান্ত লৈছে৷ আনহাতে গুৱাহাটীত দৈনিক ১০০০জন লোক কৰ’নাত আক্ৰান্ত হ’লেই মহানগৰীৰ সকলো শিক্ষানুষ্ঠান বন্ধ ঘোষণা কৰা হ’ব বুলিও মন্ত্ৰীজনে সদৰী কৰে৷ চলিত এপ্ৰিল মাহলৈকে ডিব্ৰুগড়ত মুঠ ৬৪২ গৰাকী কভিড পজিটিভ ৰোগী ধৰা পৰিছে৷ বোকাজানত যোৱা ২০ এপ্ৰিলত কভিড-১৯ত আক্ৰান্ত হৈ চাহিদা বেগম নামৰ এগৰাকী মহিলাই মৃত্যুক আঁকোৱালি লয়৷ নগাঁও জিলাত যোৱা ২১ এপ্ৰিলত ৭৩গৰাকী লোক কভিড-১৯ত নতুনকৈ আক্ৰান্ত হৈছে৷ মৰিগাঁও জিলাত যোৱা ২১ এপ্ৰিলত নতুনকৈ ৪০জন লোক আক্ৰান্ত হৈছে৷ ইয়াকে লৈ জিলাখনত কৰ’নাত আক্ৰান্তৰ সংখ্যা ১২৮জনলৈ বৃদ্ধি পায়৷ বজালীত যোৱা ২১ এপ্ৰিলৰ আবেলিপৰ্যন্ত মুঠ ১০১গৰাকী ব্যক্তি কৰ’নাত আক্ৰান্ত হোৱাৰ তথ্য প্ৰদান কৰিছে বজালী জিলা স্বাস্থ্য বিভাগে৷ শিলচৰত যোৱা ২১ এপ্ৰিলত এজন কৰ’না আক্ৰান্ত ৰোগীৰ মৃত্যু হয়৷ কভিড-১৯ত আক্ৰান্ত হৈ মৃত্যু হোৱা ব্যক্তিজন চহৰৰ আশ্ৰম ৰ’ডৰ নিৱাসী ৫৬ বছৰীয়া সূৰ্যমোহন দাস৷ যোৱা ২১ এপ্ৰিলত গোৱালপাৰা জিলাত ১৭‌ গৰাকী লোক আক্ৰান্ত হোৱা বুলি স্বাস্থ্য বিভাগৰ পৰা জানিব পৰা গৈছে৷ জিলাখনত কভিড-১৯ আক্ৰান্তৰ সংখ্যা ১০০গৰাকী হয়গৈ৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here