কৰ’নাত ২৪ ঘণ্টাত দেশৰ ১৯খন ৰাজ্যত মৃত্যুৰ হাৰ কিমান জানেনে?

0
1555

যোৱা বছৰতো কৰ’নাৰ সংহাৰে সমগ্ৰ বিশ্বৰ লগতে আমাৰ ৰাজ্যখনকো বেয়া ধৰণে কোবাই গৈছে৷ যাৰ ফলত দেশৰ লগতে ৰাজ্যৰ সমাজ, অৰ্থনীতিক  কঁকাল পোণাব নোৱৰা কৰি পেলাইছিল৷ কিন্তু লাহে লাহে ইয়াৰ চোক কমি অহাৰ ফলত স্বাভাৱিক জীৱন-যাত্ৰাই পুনৰ ঠন ধৰি উঠিবলৈ আৰম্ভ কৰিছে৷ ভাৰতত বৰ্তমান কৰ’না ভাইৰাছ  নিয়ন্ত্ৰণলৈ আহিছে৷ ভাৰতত কৰ’নাকালৰ সময়ত আক্ৰান্তৰ সংখ্যা প্ৰায় লাখৰ ঘৰ চুবলৈ সক্ষম হোৱাত এতিয়া দৈনিক আক্ৰান্তৰ সংখ্যা ১১ হাজাৰৰ ওচৰা-উচৰি আছিল৷ কিন্তু এতিয়া কৰ’নাত মৃত্যু হোৱা লোকৰ সংখ্যা একেবাৰে হ্ৰাস পাইছে৷ কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰ্যালয়ে যোৱা বৃহস্পতিবাৰে প্ৰকাশ কৰা মতে, আমাৰ দেশ ভাৰতৰ ১৯ খন ৰাজ্যত যোৱা ২৪ ঘণ্টাত কৰ’নাত এজনো লোকৰ মৃত্যু হোৱা নাই৷ ই দেশৰ জনগণৰ বাবে শুভ লক্ষণ৷ এনে বতৰাই সকলোকে যথেষ্ট সকাহ দিছে আৰু কৰ’নাৰ বিৰুদ্ধে কৰা যুঁজখনত সফলতা লাভ কৰা বুলি ক’ব পাৰি৷ ইয়াৰ পৰাই অনুমান কৰিব পাৰি যে বৰ্তমান দেশত কৰ’না ভাইৰাছৰ সন্ত্ৰাস প্ৰায় শেষ হোৱাৰ দিশত আগবাঢ়িছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here