কৰ’নাত সূৰ্যৰ ৰশ্মিৰ প্ৰভাৱ

0
1423

বিজ্ঞানীসকলৰ মতে ৰ’দত অধিক সময় থাকিলে ছালৰ পৰা অধিক পৰিমাণে নাইট্ৰিক অক্সাইড বাহিৰ হ’বলৈ ধৰে আৰু ইয়াৰ ফলত বোধহয় ভাইৰাছৰ ক্ষমতাও হ্ৰাস পায়৷

অধিক সময় ৰ’দত থকা অৰ্থাৎ অতি বেঙুনীয়া ৰশ্মিৰ সম্পৰ্কলৈ অহা কৰ’না ভাইৰাছৰ সংক্ৰমণ হোৱা ৰোগীৰ মৃত্যুৰ সম্ভাৱনাৰ সৈতে এক সম্পৰ্ক থাকিব পাৰে৷ বিজ্ঞানীয়ে কৰা এটা অধ্যয়নৰ পৰা এই কথা প্ৰকাশ পাইছে৷ তেওঁলোকৰ অধ্যয়নটোৰ মতে  যদি অধিক সময় ৰ’দত থকা লোকৰ মৃত্যুৰ হাৰ হ্ৰাস পোৱা বুলি সঠিকভাৱে জানিব পৰা হয় তেতিয়া ভৱিষ্যতে ই মানুহৰ স্বাস্থ্য ৰক্ষাত সহায় কৰিব৷ এখন বাৰ্তালোচনীত প্ৰকাশ পোৱা এখন প্ৰতিবেদনত কোৱা হৈছে যে আমেৰিকা মহাদেশত যোৱা বছৰ জানুৱাৰীৰ পৰা এপ্ৰিললৈকে হোৱা মৃত্যুৰ সৈতে ২৪৭৪ টা স্থানত সেই সময়ছোৱাত সূৰ্যৰ পৰা নিৰ্গত হোৱা অতি বেঙুনীয়া ৰশ্মিৰ মাত্ৰাৰ তুলনা কৰা হৈছিল৷ ইয়াত দেখা পোৱা গৈছে যে যিবিলাক অঞ্চলত অতি বেঙুনীয়া ৰশ্মিৰ মাত্ৰা অধিক আছিল সেইবিলাক অঞ্চলত কৰ’নাৰ সংক্ৰমণ হৈ মৃত্যু হোৱাৰ হাৰ কম আছিল৷ একেধৰণৰ অধ্যয়ন ইংলেণ্ড আৰু ইটালিতো কৰা হৈছিল৷ বিজ্ঞানীসকলৰ মতে ৰ’দত অধিক সময় থাকিলে ছালৰ পৰা অধিক পৰিমাণে নাইট্ৰিক অক্সাইড বাহিৰ হ’বলৈ ধৰে আৰু ইয়াৰ ফলত বোধহয় ভাইৰাছৰ ক্ষমতাও হ্ৰাস পায়৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here