কয়লাচালিত শক্তি প্ৰকল্প কিয় বন্ধ কৰিবলৈ দাবী || Who has demanded phasing out of coal-based power projects?

0
781
জলবায়ুৰ বিষয়ে গৱেষণা কৰা ট্ৰেঞ্জিশ্যন জিৰ’ নামৰ এটা সংগঠনে চলোৱা এটা গৱেষণা অনুসৰি, পৃথিৱীৰ উষ্ণতা বৃদ্ধি যদি ১.৫ ডিগ্ৰী চেলচিয়াছৰ ভিতৰত ৰাখিব লাগে তেন্তে ২০৩০ চনৰ আগতে পৃথিৱীয়ে কয়লা-চালিত প্ৰায় ৩০০০ শক্তি প্ৰকল্প বন্ধ কৰিব লাগিব৷ গ্লাছগোত জলবায়ু পৰিৱৰ্তন-বিষয়ক ৰাষ্ট্ৰসংঘৰ কপ-২৬ শীৰ্ষ সন্মিলনৰ পাছত প্ৰকাশ কৰা এখন প্ৰতিবেদনত ট্ৰেঞ্জিশ্যন জিৰ’ই কয় যে সমগ্ৰ পৃথিৱীত বৰ্তমান কয়লা-চালিত শক্তি প্ৰকল্পবোৰত ২০০০ জিগাৱাটতকৈও বেছি বিদ্যুৎ উৎপাদন কৰা হয় আৰু সেই পৰিমাণ প্ৰায় আধা হ্ৰাস কৰিব লাগিব৷ তাৰ বাবে এতিয়াৰ পৰা দশকটোৰ শেষলৈকে প্ৰতিদিনে ১ ইউনিটকৈ বিদ্যুৎ উৎপাদন কমাব লাগিব৷ সংগঠনটোৰ বিশ্লেষক আৰু প্ৰতিবেদনখনৰ লেখক মেট গ্ৰেই কয় যে প্ৰায় ১০০০ জিগাৱাট বিদ্যুৎ শক্তি কমোৱাৰ দায়িত্ব চীনৰ, কাৰণ বিশ্বৰ কয়লা-চালিত শক্তি প্ৰকল্পবোৰৰ প্ৰায় আধা আছে চীনত আৰু জলবায়ু গৰম কৰা সেউজ গৃহ গেছৰ বৃহত্তম উৎস চীন৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here