ক্ষুধা সংকটত ভাৰত

0
1687

অবিশ্বাস্যভাৱে ক্ষুধা সংকটৰ সন্মুখীন হৈছে ভাৰত। অতি শীঘ্রেই অৰ্থনীতি সংকুচিত হ’ব পাৰে ভাৰতৰ।
১০৭খন দেশৰ ভিতৰত বৰ্তমান ভাৰতৰ স্থান হৈছে ৯৬ । বিশ্ব ক্ষুধা সূচকৰ এক বিশেষ প্রতিবেদনত এই কথা পোহৰলৈ আহিছে। এই প্রতিবেদনত প্রকাশ পোৱা মতে ভাৰতৰ ১৪% মানুহেই পুষ্টিহীনতাত ভুগি আছে। উল্লেখ্য যে চুবুৰীয়া দেশ কেইখনতকৈও ভাৰত এই সূচক তালিকাত অৱনমিত হৈছে। ভাৰতৰ একেবাৰে গাতে লাগি থকা বাংলাদেশৰ এই তালিকাত ক্রম সংখ্যা হৈছে ৭৫ । ক্ষুধা সূচক তালিকাত আমাৰ দেশ পিছ পৰি থকাৰ মূল কাৰণেই হৈছে পুষ্টিহীনতা। লগতে ক’ৰনা মহামাৰীৰ ভয়াৱহতাৰ বাবে এই বছৰটোত বহু শিশু খাদ্য সংকটত পৰে আৰু ক্রমান্বয়ে পুষ্টিহীনতা বাঢ়ি যায়। মন কৰিবলগীয়া বিষয় এই যে ৰাষ্ট্ৰসংঘৰ খাদ্য আৰু কৃষি সংস্থাৰ ( AFO ) প্রতিবেদনতো একেই আশংকা ব্যক্ত কৰা হৈছে। আন্তৰ্জাতিক মুদ্রা নিধিয়ে( IMF ) উল্লেখ কৰা মতে ভাৰতত ২০২০ চনতেই অৰ্থনীতি নিম্নগামী হৈ আহিব আৰু হয়তো বাংলাদেশৰ জিডিপিতকৈও এই হাৰ কমি যাব। আনহাতে চুবুৰীয়া ৰাষ্ট্র শ্রীলংকা– ৬৪, নেপাল– ৭৩, ম্যানমাৰ– ৭৮, পাকিস্থান– ৮৮ স্থানেৰে এতিয়াও ক্ষুধা সূচক তালিকাত ভাৰততকৈ সংকটমুক্ত।

LEAVE A REPLY

Please enter your comment!
Please enter your name here