কোমোৰাৰ গুণাগুণ কি? জানো আহক

0
1994

অসমীয়া সমাজত খাদ্যৰ তালিকাত কোমোৰাৰ যথেষ্ট আদৰ আছে ৷ পাচলি হিচাপে আমি কোমোৰা প্ৰায় সকলোৱে খাওঁ। কোমোৰা আমাৰ সকলোৰে এক পৰিচিত পাচলি৷ আমি সকলোৱে জানো– হাঁহৰ মাংসৰ সৈতে কোমোৰাৰ নহ’লে যেন ব্যঞ্জনখনেই সম্পূৰ্ণ নহয়৷ কোমোৰা এবিধ লতাজাতীয় উদ্ভিদ৷ ইয়াৰ বৈজ্ঞানিক নাম বেনিনকাছা হিচ্‌পিডা( Benincasa Hispida )। ই সাধাৰণতে গ্ৰীষ্মকালীন শস্য৷ কোমোৰাৰ ভিন্ন ঠাইত ভিন্ন নাম৷ আমি জনা কোমোৰাক অন্ধ্ৰ প্ৰদেশত ব’ডিডি গাম্পিডিকিয়া, কেৰালাত কুম্বালাম, নেপালত কুবহিণ্ডো, গুজৰাটত কলু আদি নামেৰে জনা যায়৷ কোমোৰাত থকা ফছফৰাছ স্বাস্থ্যৰ বাবে উপকাৰী৷ মানৱ দেহৰ প্ৰয়োজনীয় কাৰ্বহাইড্ৰেট, লো, ৰিবাফ্লেভিন আদি কোমোৰাত পোৱা যায়৷ জ্বৰ হ’লে কোমোৰা খালে আৰু কোমোৰাৰ ৰস মূৰত দিলে জ্বৰৰ পৰা উপশম পাব পাৰি৷ কোমোৰাই স্মৃতিশক্তি বৃদ্ধি কৰে; ই স্নায়ৱিক দুৰ্বলতা নিৰাময় কৰে৷ কোমোৰা বহুমূত্ৰ ৰোগীৰ এবিধ উপযুক্ত পথ্য৷ কোমোৰাৰ গুটিয়ে কৃমি নাশ কৰে৷ কোমোৰা খালে ৰক্তপিণ্ড ৰোগৰ পৰা হাত সাৰি থাকিব পাৰি৷ কোমোৰাই বিষ, পক্ষাঘাত, কাহ, পানীলগা আৰু অন্য শ্বাস-প্ৰশ্বাসজনিত ৰোগ উপশম কৰিব পাৰে৷ তদুপৰি ই বৃক্কৰ পাথৰ নিয়ন্ত্ৰণ কৰে৷ কেঁচুমূৰীয়া ৰোগীয়ে কোমোৰা খালে সুফল পায়৷ কোমোৰা খালে শৌচ খোলোচা হয়, লগতে ই প্ৰস্ৰাৱ পৰিষ্কাৰ কৰে৷ যৌনশক্তি বৃদ্ধিত কোমোৰাই সহায় কৰে৷ উচ্চ ৰক্তচাপত ভোগা ৰোগীৰ বাবে কোমোৰাই এবিধ মহৌষধৰ দৰে কাম কৰে৷ ইয়াৰ উপৰি কোষ্ঠকাঠিন্য, শৰীৰৰ ওজন হ্ৰাস, হজম শক্তি বৃদ্ধি আদিতো কোমোৰাই সহায় কৰে৷ ই মানসিক ৰোগ দূৰ কৰে৷ সপ্তাহত অতিকমে দুসাঁজ হ’লেও আমাৰ খাদ্য তালিকাত কোমোৰা ৰখাটো অত্যন্ত দৰকাৰ, কিয়নো ইয়ে আমাৰ শৰীৰত হোৱা ৰোগ নিৰ্মূল কৰিব পাৰে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here