কোনো কাৰণ নোহোৱাকৈ আপোনাৰ হাত-ভৰি ফুলিছে নেকি?

0
1676

শৰীৰৰ কোনো অংশ হঠাৎ ফুলি যোৱাৰ সমস্যাত আপুনি ভুগিছে নেকি? বিশেষকৈ গৰ্ভৱতী মহিলা আৰু বয়স্ক লোকৰ ক্ষেত্ৰত এই সমস্যা অধিক দেখা যায়৷ পিছে ইয়াক সাধাৰণ সমস্যা বুলি এৰি দিয়া যায় যদিও এনেদৰে অৱহেলা কৰিলে কেতিয়াবা বিপদত পৰিব পাৰে৷ শৰীৰৰ কোনো অংশ কাৰণ নোহোৱাকৈ ফুলিলে তাক এডিমা (Edima) বুলি কোৱা হয়৷ এডিমাৰ বিষয়ে আপুনি কেতিয়াবা শুনিছেনে? যদি শুনা নাই জানো আহক এডিমা কি?

এডিমা: শৰীৰৰ কোনো অংশ ফুলি যোৱা সমস্যাই হৈছে এডিমা৷ ই সাধাৰণতে ভৰি, আঁঠু, ভৰিৰ পতা, হাতৰ বন্ধনী আদিত হয়৷ ইয়াৰ বাহিৰেও কেতিয়াবা মুখমণ্ডলতো হোৱা পৰিলক্ষিত হয়৷ ই বিশেষকৈ গৰ্ভৱতী মহিলা আৰু বয়স্ক লোকৰ ক্ষেত্ৰত অধিক হয়৷
এডিমা চিনাক্তকৰণ কেনেকৈ কৰিব?
আপুনি যদি জানিব বিচাৰিছে যে আপোনাৰ শৰীৰৰ কোনো অংশ ফুলি যোৱাৰ সমস্যা এডিমাৰ কাৰণে হৈছে নে সাধাৰণ ফুলা হয়, তেন্তে আপুনি চাওক যে আপানাৰ ফুলি যোৱা অংশ কিবা আঘাতৰ বাবে হৈছে নে বিনা কাৰণত হৈছে৷ যদি কোনো আঘাতৰ বাবে শৰীৰৰ কোনো অংশ ফুলিছে, তেন্তে এয়া এডিমাৰ লক্ষণ নহয়৷ অৰ্থাৎ কোনো আঘাতপ্ৰাপ্ত নোহোৱাকৈ শৰীৰৰ বিভিন্ন অংগ ফুলাই হৈছে এডিমা৷

এডিমাৰ কাৰণ:
এই সমস্যা যিকোনো ব্যক্তিৰ শৰীৰত তেতিয়া দেখা দিয়ে, যেতিয়া ব্যক্তিগৰাকীৰ শৰীৰৰ টিছুজ অংশত তৰল পদাৰ্থ উৎপন্ন হ’বলৈ আৰম্ভ কৰে৷ যেতিয়া আপুনি বহু সময় ধৰি থিয় হৈ বা বহি থাকে, তেতিয়া এই তৰল পদাৰ্থসমূহ উৎপন্ন হয়। বিশেষকৈ অত্যধিক গৰমৰ দিনত থিয় হৈ থাকিলে এডিমা হোৱা দেখা যায়৷ ইয়াৰ উপৰি মাত্ৰাধিক নিমখ সেৱন আৰু দৰবৰ পাশ্বৰ্ক্ৰিয়াৰ ফলতো এডিমা হ’ব পাৰে৷ তদুপৰি আপোনাৰ যদি আগৰে পৰা স্বাস্থ্য সম্বন্ধীয় সমস্যা আছে যেনে– হাৰ্ট ফেইলাৰ, লিভাৰৰ সমস্যা, বৃক্কৰ সমস্যা থাকিলেও এডিমা হ’ব পাৰে৷

সতৰ্কতা:
(১) এডিমাৰ সমস্যাই দেখা দিলে তৎক্ষণাৎ চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰক৷


(২) বহু সময় ধৰি একে ঠাইতে বহি বা থিয় হৈ নাথাকিব৷


(৩) ভৰি বা হাতত এডিমা হ’লে ছাপ’ৰ্ট ষ্টকিংছ বা crepe bandage ব্যৱহাৰ কৰক৷ ই আপোনাক আৰাম প্ৰদান কৰিব৷


(৪) নিমখ কমকৈ খাওক৷


(৫) শৰীৰটোক হাইড্ৰেইট কৰি ৰাখক, যাতে প্ৰস্ৰাৱৰ জৰিয়তে শৰীৰৰ বৰ্জনীয় পদাৰ্থ বাহিৰ ওলাই যায়৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here